নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীৰ ভোক গুচাবলৈ হাইস্কুলৰ ভিতৰতে খুলিলে দোকান

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ কামৰূপৰ নগৰবেৰাৰ টুপামাৰী হাইস্কুলত পোহৰলৈ আহিছে এক নাভূত-নাশ্ৰুত কাণ্ড। চৰকাৰে ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে মধ্যাহ্ন ভোজন তৎসত্ত্বেও লেজাৰ টাইমত ভোক লাগে হেনো ছাত্ৰ-ছাত্ৰীৰ! শিক্ষাৰ্থীৰ পেটৰ ভোক গুচাবলৈ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে ল’লে আজব সিদ্ধান্ত। প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ প্ৰায় দহ মিটাৰ নিলগত খুলি দিলে এখন দোকান। বিদ্যালয়ৰ গাতে লাগি থকা দোকানত অহৰহ ভিৰ কৰে গ্ৰাহকৰূপী ছাত্ৰ-ছাত্ৰীসকলে। এই সন্দৰ্ভত প্ৰধান শিক্ষক মিজানুৰ ৰহমানৰ যুক্তি-ছাত্ৰ-ছাত্ৰীৰ দাবী আৰু পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰিহে কৰা হৈছে হেনো দোকানখন! বিদ্যালয়খনৰ চকীদাৰেই বহুৱাইছে দোকানখন। পিছে প্ৰশ্ন হয়, চৰকাৰে যোগান ধৰিছে মধ্যাহ্ন ভোজন। তৎসত্ত্বেও কিয় নুগুচে ছাত্ৰ-ছাত্ৰী পেটৰ ভোক? নে বিদ্যালয়ৰ নিচেই কাষত দোকান দিয়াৰ অন্তৰালতো আছে কিবা গোপন বুজাবুজি?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like