নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত পাইকাৰী কাপোৰৰ দোকানত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ নগৰবেৰা বজাৰত চোৰৰ তাণ্ডৱ। নিশা এখন কাপোৰৰ দোকানৰ পাছফালৰ টিনপাত খুলি চোৰে চলালে চাফাই অভিযান। থানাৰ পৰা প্ৰায় আঢ়ৈশ মিটাৰ নিলগত আৰু বজাৰত দুজনকৈ নৈশ পহৰাদাৰ থকাৰ পাছতো চোৰৰ এই মৰসাহ।বজাৰখনৰ মাণিক আলীৰ পাইকাৰী কাপোৰৰ দোকানত নিশা চোৰ সোমায়। দোকান ঘৰৰ পাছফালেদি টিনপাত খুলি নিশা চোৰ প্ৰৱেশ কৰে আৰু নগদ সাত হাজাৰ টকাৰ উপৰি প্ৰায় লক্ষাধিক টকাৰ বস্ত্ৰ সামগ্ৰী লৈ যোৱাৰ উপৰি দোকানৰ বয়বস্তুও লণ্ডভণ্ড কৰে। নিশা আনুমানিক বাৰ বজাৰ পাছত এই চুৰিকাণ্ড সংঘটিত হোৱাৰ অনুমান সকলোৰে। আনহাতে চিচি টিভি সংলগ্ন আছিল যদিও চিচি’ৰ মেম’ৰি কাৰ্ড পৰ্যন্ত চোৰে লৈ যায়। খবৰ পাই ঘটনাস্থলীত নগৰবেৰা আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱা পৰলৈ চোৰৰ কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই আৰক্ষী। বজাৰৰ মাজমজিয়াত চোৰৰ এনে মৰসাহ দেখি স্তম্ভিত হৈ পৰিছে সকলো। আগলৈ আৰক্ষীক অধিক সক্ৰিয় হোৱাৰ আহ্বান অঞ্চলবাসীৰ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like