নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মইনবড়ী সত্ৰত চোৰৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : ক্ৰমাৎ অসুৰক্ষিত হৈ পৰিছে অসমৰ সত্ৰ নামঘৰ বা মন্দিৰ।ইখনৰ পিছত সিখন সত্ৰত সংঘটিত হৈছে চুৰিকাণ্ড। অসমীয়াৰ স্বাভিমান বিজড়িত তথা ধৰ্মীয় আবেগ বিজড়িত সত্ৰ নামঘৰত পৰিকল্পিতভাবে চলিছে একাংশ লোকৰ আক্ৰমণ।এইবাৰ পাঁচশ বছৰীয়া ঐতিহাসিক মইনবড়ী সত্ৰত চোৰে চলালে তাণ্ডব তথা লুটপাত।পৰিকল্পিত ভাবে কালি নিশা দুস্কৃতিকাৰীয়ে সংঘটিত কৰিলে চুৰিকাণ্ড।চোৰে সত্ৰৰ পিছপিনৰ দেৱাল বগাই সত্ৰৰ প্ৰবেশদ্বাৰৰ তলা ভাঙি সত্ৰৰ ভিতৰত ভাগত প্ৰবেশ কৰি লণ্ডভণ্ড কৰে সত্ৰৰ সেৱাৰ সামগ্ৰী।চাৰিশ বছৰ পুৰণি কাঠৰ হনুমান মূৰ্তিৰ লগতে গড়ুৰৰ মুৰ্তি ভাঙি তচনচ কৰে।আবেগ বিজড়িত সত্ৰৰ ভিতৰত বিড়ি হুপি বিড়িৰ টুকুৰা পেলাই দীৰ্ঘ সময় চোৰে মইনবড়ী সত্ৰত লুটপাত চলাই।মইনবড়ী সত্ৰত তাণ্ডব চলোৱা চোৰৰ দলে সত্ৰৰ মুল সেৱাৰ ভাগ বিশ লক্ষাধিক  টকাৰ  মুল্যৰ ৪৫০ ফৰ্বছৰ পুৰণি ৰাধা কৃষ্ণৰ সোণৰ মূৰ্তি,কাঁহৰ লক্ষাধিক টকাৰ মুল্যৰ ডাঙৰ বাটা ৩ খন, ৫০০ বছৰীয়া এখন শৰাই সঌইতে ৮ খন পিতলৰ শৰাই,ভোৰ তাল ৫ জোৰ, ৫০০ বছৰীয়া মন্দিৰা তাল এজোৰ,বৰকাহঁ এজোৰ,১০ কেজি ওজনৰ আৰু আঢ়ৈ কেজি ওজনৰ ঘন্টা দুটা,কাঁহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া কলহ দুটা,সোণৰ চেইন চাৰিডাল,পিতলৰ চৰিয়া চাৰিটা,মাইকৰ চেত এটা, মিঠাতেল দিয়া লতা এটা,নিৰ্মালী দিয়া হেন্দেল পুষ্পপাত্ৰ দুটা,পুৰণি সাচিপতীয়া মূল্যবান পুথি চাৰিখন, চাৰিটা সোণৰ ফুল, ৰূপৰ ফুল, নগদ ধন ১০,৪০০ টকা লুটি নিয়ে।উল্লেখ্য যে শ্ৰীমন্তশঙ্কৰদেৱৰ প্ৰিয় শিষ্য তথা মহাপুৰুষ  মাধৱদেৱৰ সখী নাৰায়ণ দাস ঠাকুৰ আতাই ১৪৯৬ চনত প্ৰতিষ্ঠা কৰা ঐতিহাসিক মইনবড়ী সত্ৰত নিশা এই দুস্কাৰ্য সংঘটিত হোৱাৰ পাছত আজি পুৱা সত্ৰৰ ভকতে প্ৰভাতী কামৰ বাবে সত্ৰৰ ভিতৰত প্ৰবেশ কৰি লণ্ডভণ্ডহৈ থকা গুৰুআসন, হনুমানাৰু গড়ুৰৰ মূৰ্তি দেখি চুৰি কাৰ্যৰ বিষয়ে অবগত হয়। লগা লগ সত্ৰখনত হুৱাদুৱা লাগে।সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীয়ে চুৰি কাৰ্য গম পোৱাৰ পিছতেই তীব্ৰ মানসিক আঘাতত ম্ৰিয়মান হৈ পৰে। তলা ভাঙি সত্ৰত চোৰ সোমাই ৫০০ বছৰীয়া স্মৃতি বিজৰিত বহু সামগ্ৰী আৰু সাঁচিপটীয়া পুথি লুট কৰি নিয়াৰ লগতে এইদৰে ৪০০ বছৰীয়া পুৰণি হনুমানৰ মূৰ্তী আৰু গড়ুৰৰ মূৰ্তী ভাঙি থৈ যোৱাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে উত্তেজনাৰ সৃষ্টি হয়।উল্লেখ্য  যে গঢ়াখহনীয়াৰ প্ৰকোপত পৰাৰ বাবেই ২০০৫ চনত মইনবড়ীৰ পৰা এই ঐতিহাসিক সত্ৰখন সৰভোগলৈ স্থানান্তৰিত কৰ হৈছিল। আৰু আজি সত্ৰখনত পৰিকল্পিত ভাবে এইদৰে আক্ৰমণ কৰি অধ্যাত্মিক চিন্তাত তীব্ৰ আঘাট দিছে দুস্কৃতিকাৰীয়ে।উল্লেখ্য যে পূৰ্বেও এবাৰ সত্ৰ আত্মা স্বৰূপ ৰাধাকৃষ্ণৰ যুগল মূৰ্তি চুৰি কৰিছিল।সেইবাৰ সত্ৰাধিকাৰে সপোনত দেখি উদ্ধাৰ কৰিছিল সোণৰ ৰাধাকৃষ্ণৰ যুগল মূৰ্তি। আজিও চুৰিকাৰ্য সংঘটিত হোৱাৰ পিছতেই ডেকা সত্ৰাধিকাৰ অপূৰ্ব  আধিকাৰীয়ে ৰাধাকৃষ্ণৰ যুগল মূৰ্তি লুকাই ৰাখিব নোৱাৰিব বুলি মন্তব্য কৰিছিল।ঘটনাৰ খবৰ পোৱাৰ পিছতেই সৰভোগ আৰক্ষীৰ লগতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাস্থলীত উপস্থিত তদন্ত আৰম্ভ কৰে।ঐতিহাসিক মইনবড়ী সত্ৰৰ চুৰিকাণ্ড  সন্দৰ্ভত অবগত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু আৰক্ষী কঠো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।মুখ্যমন্ত্ৰীৰ  নিৰ্দেশক সৰোগত কৰি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত চোৰৰ সন্ধানত চলে অভিযান। সত্ৰৰ গাতে লাগি থকা জৱাহৰ নবোদয় বিদ্যালয়ৰ চিচি কেমেৰা পৰীক্ষা কৰি আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই বাক্সা জিলাৰ অন্তৰ্গত তথা বৰপেটাৰ জিলাৰ সীমান্তৱৰ্তী শিমলাগুৰিৰ ধুপগুৰিৰ পৰা চুৰি সকলো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।এই চুৰিকাণ্ডত জড়িত ধুপগুৰিৰ কেৰামত আলী আৰু আমীৰ আলীৰ বাসগৃহৰ পৰা চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰে আৰক্ষীৰ দলে।কিছু সামগ্ৰী ইতিমধ্যেই বিনষ্ট কৰা বুলি জানিব পৰা গৈছে।চুৰিকাণ্ডত জড়িত কেৰামত আলী আৰু আমীৰ আলী সম্প্ৰতি পলাতক হৈ আছে যদিও কেৰামত আলীৰ পিতৃক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীৰ এনে তৎপৰতাক ধন্যবাদ জনাই ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে।
প্ৰেৰক নকুল তালুকদাৰ
You might also like