নলবাৰীৰ তিনি শিল্পীলৈ কলকাতাৰ সুৰনন্দন ভাৰতীৰ ‘সুৰনন্দন’ বঁটা’
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ : নলবাৰী জিলাৰ তিনিগৰাকী বিশিষ্ট শিল্পীক কলকতাস্থিত সুৰনন্দন ভাৰতীয়ে প্ৰদান কৰিছে ‘সুৰনন্দন’ বঁটা। জিলাখনৰ বৰভাগৰ ২নং সোণকুৰিহা গাঁৱৰ অভিনেতা,কণ্ঠশিল্পী তথা সাংস্কৃতিক কৰ্মী ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তী, বৰভাগৰ কালাগ গাঁৱৰ বিশিষ্ট সংগীত শিল্পী নগেন কাকতি আৰু অময়াপুৰ গাঁৱৰ প্ৰবীন সংগীত শিল্পী ত্ৰৈলোক্য শৰ্মাক প্ৰদান কৰা হৈছে উক্ত বটাঁ। উল্লেখ্য যে, ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত তথা ভাৰতবৰ্ষৰ সাংগীতিক জগতখনক মহিয়ান কৰি তোলা ‘সুৰনন্দন ভাৰতী’য়ে দেশৰ অংগৰাজ্য ত্ৰিপুৰা, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, বিহাৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছতিশগড়, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, ৰাজস্থান, গোৱা, পশ্চিমবঙ্গ, আদি ৰাজ্যৰ সাংগীতিক দিশৰ প্ৰসাৰ আৰু প্ৰচাৰ আৰু পৰিবৰ্দ্ধনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। উক্ত ৰাজ্যসমূহৰ সংগীত, নাটক, নৃত্য, চিত্ৰ-ভাস্কৰ্য আদি দিশত বিশেষ বুৎপত্তি থকা শিল্পীসকলক সুৰনন্দন বঁটাৰে সন্মানিত কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৫ ডিচেম্বৰত কলকতাস্থিত ইন্দুমতী সভাগৃহত তিনিওগৰাকী শিল্পীকে উক্ত বঁটা প্ৰদান কৰা হয়। আনহাতে, বঁটা প্ৰদান অনুষ্ঠানত বৰভাগ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্যৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ