নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ আমনিত গৰু আৰু ম’হ ভৰ্তি তিনিখন ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই আমনি অঞ্চলৰ পৰা গৰু আৰু ম’হভৰ্তি তিনিখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, উজনি অসমৰ পৰা নামনি অভিমুখে গৰু আৰু ম’হ ভৰ্তি তিনিখন ট্ৰাক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা বুলি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এক গোপন সূত্ৰৰ ভিত্তিত জানিব পাৰি প্ৰথমে চামগুৰি আৰক্ষী থানাৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড বহুৱাই অভিযান চলায়৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে আমনি অঞ্চলত অভিযান চলাই ৰখাই থোৱাৰ অৱস্থাত এএছ ০১ এল চি ১৮১৬ এএছ ০৭ এ চি ৮০৫৯ আৰু এএছ ০১ এল চি ৩৩৪৬ নম্বৰৰ গৰু আৰু ম’হ ভৰ্তি ট্ৰাক তিনিখন জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ীকেইখনৰ চালক আৰু পৰিচালককেইজন পলাই যাবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জব্দ কৰা তিনিখন ট্ৰাকৰ পৰা ১৬টা গৰু আৰু ২৭ টা ম’হ উদ্ধাৰ কৰাৰ লগতে কোনো অসাধু চক্ৰই অবৈধভাৱে কোনো অজ্ঞাত স্থানলৈ উক্ত গৰু আৰু ম’হ খিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

আনহাতে যোৱানিশা আৰক্ষীয়ে উদ্ধাৰ কৰা গৰু আৰু ম’হখিনি আজি নগাঁৱৰ শ্ৰী শ্ৰী গোপাল গো-শালালৈ স্থানান্তৰিত কৰাৰ লগতে চোৰাং গৰু আৰু ম’হৰ বেপাৰীৰ চক্ৰটোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

You might also like