নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ গেন্ধালীত পুনৰ কাঠফলা মিল জব্দ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত গেন্ধালী অঞ্চলত যোৱানিশা বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, যোৱানিশা প্ৰায় ১১ বজাত শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন পালক কুলেন্দু ভূঞাৰ সহ এটা বন কৰ্মীৰ দলে চামগুৰিৰ গেন্ধালী অঞ্চলত অভিযান চলাই অবৈধ কাঠফলা মিলটো জব্দ কৰে। গেন্ধালীৰ ৰুবুল সন্দিকৈ নামৰ কাঠ ব্যৱসায়ীজনে দুদিন পূৰ্বে চোৰাং কাঠৰ ৰমৰমীয়া বেহা পতাৰ উদ্দেশ্যে উক্ত অবৈধ কাঠ ফলা মিলটো স্থাপন কৰিছিল বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

আনহাতে যোৱানিশা বন বিভাগে জব্দ কৰা উক্ত অবৈধ কাঠ মিলটোৰ যন্ত্ৰাংশসমূহ শালনাৰ বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ৩ ছেপ্টেম্বৰৰ নিশা বন বিভাগে উক্ত অঞ্চলৰ নিৰ্মল বৰা নামৰ কাঠ ব্যৱসায়ীজনৰ অবৈধ কাঠফলা মিল এটা জব্দ কৰিছিল ৷

You might also like