অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান তিনিচুকীয়া শাখাৰ উদ্যোগত আজিৰে পৰা অসমী ব’হাগী মেলা
নিয়মীয়াবাৰ্তা, ১০ এপ্ৰিল: তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত ডাক বাংলো প্ৰাংগণত আজিৰে পৰা আৰম্ভ হোৱা অসমী ব’হাগী মেলাৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে। ১২ এপ্ৰিললৈকে অনুষ্ঠিত হবলগীয়া এই অসমী ব’হাগী মেলাত মুঠ ৩১ খন বিপনি স্থাপন কৰা হৈছে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলাৰ গুইজান, ইটাখুলি, মাৰ্ঘেৰিটা, কাকপথাৰ, হাপজান, ছৈখোৱা আৰু শদিয়া খণ্ডৰ পৰা আত্ম সহায়ক গোট, গ্ৰাম্য সংগঠন তথা মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ মুঠ ৭০ গৰাকী মহিলাই এই অসমী ব’হাগী মেলাত অংশগ্ৰহণ কৰিছে।
এই অসমী ব’হাগী মেলাত জিলাখনৰ উদ্যমী মহিলা শিপিনী সকলে হাতে বৈ উলিওৱা চেনেহৰ বিহুৱানখনৰ পৰা আৰম্ভ কৰি, পৰম্পৰাগত সাজপাৰ, সকলো ধৰণৰ পিঠা-পনা, জলপান, গৰু বিহুৰ চাটৰ সকলো সম্ভাৰ, জেতুকা, আমৰলি টোপ, এশ এবিধ শাকৰ সম্ভাৰৰ লগতে সকলো থলুৱা সামগ্রী উপলব্ধ হ’ব। জিলা উপায়ুক্ত স্বপ্নীল পালে অসমী ব’হাগী মেলাত অংশগ্ৰহণ কৰা মহিলাসকলক থলুৱাভাবে উৎপাদিত গামোচা, মেখেলা চাদৰৰ লগতে অন্যান্য খাদ্যসম্ভাৰেৰে স্থানীয় বজাৰ দখল কৰিবলৈ আহ্বান জনায়। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ব’হাগী মেলা অংশগ্ৰহণকাৰী সকলৰ বাবে লাভজনক হব বুলিও মন্তব্য আগবঢ়ায়। জিলা উপায়ুক্তগৰাকীয়ে অসমী ব’হাগী মেলাৰ প্ৰতিটো বিপনি পৰিদৰ্শন কৰি অংগ্ৰণকাৰীসকলৰ সৈতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলাৰ চাৰিটা খণ্ডত সফলতাপূৰ্বক জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম চলাই থকা হৈছে। আজিৰ অনুষ্ঠানতে জিলা উপায়ুক্তগৰাকীয়ে আনুষ্ঠানিকভাবে চাৰিটা অৰ্গেনিক গ্ৰুপক পি.জি.এচ গ্ৰীণ চাৰ্টিফিকেট প্ৰদান কৰে।
আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া শাখাৰ জিলা প্ৰকল্প প্ৰৱন্ধক মনজিৎ গগৈ প্ৰমুখ্যে অন্যান্য বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে।
প্ৰেৰক:-বিবেক বড়া
প্ৰেৰক:-বিবেক বড়া