ধৰ্মধ্বজা উত্তোলনেৰে ৫৮ সংখ্যক টিপলাই আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ আৰম্ভ
নিয়মীয়া বাৰ্তা , ১৭নৱেম্বৰ: ধৰ্মধ্বজা উত্তোলনে ৫৮ সংখ্যক টিপলাই আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ আজি শুভাৰম্ভ কৰা হয়। বৃহত্তৰ টিপলাই অঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান টিপলাই অঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ এই বেলি পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আজি ৰাতিপুৱা ৮ বজাত ৫৮ সংখ্যক টিপলাই আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ধ্বজেন নাথে ধৰ্মধ্বজা উত্তোলন কৰি পূজা মহোৎসৱৰ শুভাৰম্ভ কৰে। ১০ বজাত টিপলাই ৰামচন্দ্ৰ বিগ্ৰহ নামঘৰৰ পৰা ভাগৱত শোভাযাত্ৰাৰে আনি স্থাপন কৰা হয়, সন্ধিয়া ৬ বজাৰ পৰা অধিবাস নাম প্ৰসংগ। ১৮ নৱেম্বৰৰ ৰাতিপুৱা ৫ বজাত প্ৰভাত বন্দনা, ৮ বজাৰ পৰা ঠগী গ্ৰহণ, ৯ বজাৰ পৰা নাম প্ৰসংগ (পাঠক ঘনশ্যাম পাঠক) ১০ বজাৰ পৰা আয়তীসকলৰ নাম, ১১ বজাৰ পৰা ভাগৱত পাঠ(পাঠক ঘনশ্যাম পাঠক, আনন্দ নাথ) ১২ বজাত ভকত ভঞ্জন, দিৰ ২ বজাৰ পৰা আমন্ত্ৰিত লোকৰ অভ্যৰ্থনা আৰু আমন্ত্ৰিত ভকতপাৰা মহিলা ঠিয় নাম দল, টিলাপাৰা মহিলা ঠিয় নামদল, নয়াপাৰা মহিলা ঠিয় নাম দলৰ নাম পৰিৱেশন, সন্ধিয়া ৫ বজাৰ পৰা সন্মিলিত ৰামপুৰ আঞ্চলিক নাগাৰা নামদলৰ নাম পৰিৱেশন, ৬ বজাৰ পৰা নাম প্ৰসংগ আৰু পূজাৰ হোম যজ্ঞ, ৮ বজাত ভকত ভঞ্জন ।
১৯ নৱেম্বৰৰ ৰাতিপুৱা ৫ বজাত প্ৰভাত বন্দনা, ৮ বজাত নাম প্ৰসংগ, ১০ বজাৰ পৰা আই সকলৰ নাম, ১১ বজাৰ পৰা ভাগৱত পাঠ, দুপৰীয়া ১২ বজাত ভকত ভঞ্জন, ২ বজাৰ পৰা আমন্ত্ৰিত লোকৰ অভ্যৰ্থনা, ভকতপাৰা মহিলা ঠিয় নামদল, পূৰানপাৰ মহিলা ঠিয় নামদল, ধৰ্মপুৰ মহিলা ঠিয় নামদলৰ নাম পৰিৱেশন, সন্ধিয়া ৫ বজাৰ পৰা দিপালী দাসৰ দৰঙীয়া নাম পৰিৱেশন, ৬ বজাৰ পৰা নাম প্ৰসংগ, ৮ বজাত ভকত ভঞ্জন ।২০ নৱেম্বৰ ৰাতিপুৱা প্ৰভাত বন্দনা, ৮ বজাৰ পৰা নাম প্ৰসংগ, ১০ বজাৰ পৰা আইসকলৰ নাম, ১১ বজাৰ পৰা ভাগৱত পাঠ, দুপৰীয়া ১২ বজাত ভকত ভঞ্জন, দিনৰ ২ বজাৰ পৰা আমন্ত্ৰিত লোকৰ অভ্যৰ্থনা, ডাক্তৰ পাৰা মহিলা নামদল, টিলাপাৰা মহিলা নামদল আৰু নয়াপাৰা দৰঙীয়া নামদলৰ নাম পৰিবেশন, সন্ধিয়া ৫ বজাত পৰা কুকুৰমাৰা কলহীপাৰা ছোৱালী নাগাৰা নামদল নাম পৰিৱেশন, ৬ বজাৰ পৰা নাম প্ৰসংগ, ৮ বজাত ভকত ভঞ্জন ।২১ নৱেম্বৰৰ ৰাতিপুৱা ৫ বজাত প্ৰভাত বন্দনা, ৮ বজাৰ পৰা নাম প্ৰসংগ, ১০ বজাৰ পৰা আয়তীসকলৰ নাম, ১১ বজাত ভাগৱত পাঠ, ১২ বজাত ভকত ভঞ্জন, ২ বজাৰ পৰা আয়তী সকলৰ সমুহীয়া নাম, সন্ধিয়া ৫ বজাত আঞ্চলিক ৰাইজৰ সেৱা অাৰু প্ৰসাদ বিতৰণেৰে পূজা মহোৎসৱৰ সামৰণি। পূজা মহোৎসৱৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা মৃন্ময় প্ৰতিমা আলোক সজ্জাৰে সজ্জিত কৰি তোলা হৈছে বুলি পূজা পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে জানিবলৈ দিছে । উক্ত আটাইকেইদিনৰ সমুহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত তথা সহায় সহযোগিতা কামনা কৰিছে পূজা মহোৎসৱ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা সকলে।