ৰহাত তিৱা স্বায়ত্ব পৰিষদৰ প্ৰচাৰ অভিযান তুংগতঃ প্ৰচাৰত নামিল মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ পল্লবলোচন দাস, হৰেণসিং বে
তিৱা পৰিষদৰ ৩৫খন আসনতে জিকিব বিজেপি--পিযুষ
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ “কংগ্ৰেছৰ চালানী মাছ আৰু ৰাইজে নাখায়। বিপদৰ সময়ত চালানীক ৰাইজে দেখা নাপাই কেৱল নিৰ্বাচনৰ সময়তহে দেখা পাই।গতিকে এইবাৰ নিৰ্বাচনত ৰাইজে ইয়াৰ সুদুত্তৰ দিব আৰু কংগ্ৰেছ দলক সমূলে উৎখাৎ কৰিব”–এইদৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰিলে ৰাজ্যৰ স্বাস্থ্য আৰু নগৰ উন্নয়ন মন্ত্ৰী পিযুষ হাজৰিকাই।আজি ৰহা তিৱা স্বায়ত্ব পৰিষদৰ ২৪ নং জোঙালবলহু সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰণৱজ্যোতি মছৰঙৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা তিৱা পৰিষদৰ নিৰ্বাচনত পদুমফুলৰ ছবিত ভোট দি জয়ী কৰাবলৈ আহ্বান জনাই। লগতে মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত যিমানবোৰ কাম হ’ল তাৰ তুলনাত মাত্ৰ চাৰে চাৰিবছৰতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰৰকাৰখনে তাতোকৈ বহুগুণ বেছি কাম কৰি দেখুৱালে। পূৰ্বতকৈ বৰ্তমানৰ ৰাইজৰ উন্নয়নৰ প্ৰতিচ্ছবিৰ পৰাই গম পাইছে কিদৰে ৰাইজৰ উন্নয়ন হৈছে।এয়াই হৈছে বিজেপিৰ উন্নয়ন আৰু পৰিৱৰ্তন। তদুপৰি বৰ্তমান কংগ্ৰেছ দল এখন ডুবন্ত নাও বুলি মন্তব্য কৰি দেশৰ জাতি-মাটি ভেটিৰ প্ৰতি ভাবুকি অহাৰ সময়তো ইউ ডি এফ দলৰ লগত লগহৈ মিত্ৰজোঁট বনাইছে। কিন্তু এতিয়া ৰাইজে সকলোৱে বুজিছে এই মিত্ৰজোঁটে কি কৰিব আৰু অসমৰ ৰাইজে বিশ্বাসত নলয় বুলি কয়। লগতে এই নিৰ্বাচনত ৰাইজ গোটাবলৈ কংগ্ৰেছে গায়ক লগত লৈ ফুৰে বুলি কটাক্ষ কৰি গায়ক নহ’লেও ৰাইজে বিজেপিক আকোঁৱালি ল’ব বুলি মন্তব্য কৰি তিৱা পৰিষদৰ নিৰ্বাচনত ৩৫ খন আসনেই দখল কৰিব বুলি কোৱাৰ লখতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে।
অন্যহাতে বিজেপিৰ উন্নয়নমুখী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি ২০২১ চনত বিজেপি চৰকাৰে অৰুনোদয় আঁচনিৰ ধন ২৫০০ টাকৈ বৃদ্ধি পাব বুলি মন্তব্য কৰে। ৰহা থেকেৰাগুৰি বিষ্ণুমন্দিৰ প্ৰাঙ্গনত বিজেপিৰ জেষ্ঠ নেতা ডিম্বেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত উপস্থিত থাকি সাংসদ পল্লৱলোচন দাসে বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ দ্বাৰা জনসাধাৰণে যথেষ্ঠ উপকৃত হৈছে বুলি ভাষণ প্ৰদান কৰে।তদুপৰি স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসেও আগন্তুক নিৰ্বাচনত ৰহা সমষ্টিৰ পাঁচোটা পৰিষদীয় সমষ্টিতে বিজেপি দলে জয়লাভ কৰিব বুলি মন্তব্য কৰে। নিৰ্বাচনী সভাখনত সাংসদ হৰেণসিং বে’; কাৰ্বি পৰিষদৰ মুখ্যকাৰ্যবাহী তুলিৰাম ৰংহাঙ, প্ৰাক্তন বিধায়ক বিদ্যাসিং ইংলেঙ, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু নেতা-কৰ্মী উপস্থিত থাকে। উক্ত সভাতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।