নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ পি পি এলৰ মহিলা নেত্ৰীক আক্ৰমণঃখাম্ফা বৰগয়াৰী আৰু সুগ্ৰীৱ বড়োৰ বিৰুদ্ধে এজাহাৰ দাখিল

 ইউপিপিএল মহিলা গোটৰ সংবাদ মেল

 নিয়মীয়া বাৰ্তা,, ১১ ডিচেম্বৰঃ  দ্বিতীয় পৰ্যায়ৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক মুহূৰ্তত আৰু ভোট গ্ৰহণৰ দিনা ইউপিপিএল দলৰ নেতা-কৰ্মীক আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইউ পি পি এলৰ মহিলা গোটে। আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত মুন হোটেলত আয়োজিত এক সংবাদ মেলত ইউ পি পি এলৰ মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা গয়াৰীয়ে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰীত দলৰ সভাপতি প্ৰমোদ বড়োৰ গাড়ীত দুৰ্বৃত্তই  আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। নেত্ৰী গৰাকীয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰি চৰকাৰক শীঘ্ৰে  দুৰ্বৃত্তক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ  দাবী জনায়। আনহাতে কালি ভোট গ্ৰহন চলি থকা সময়তে চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ অন্তৰ্গত খুংগ্ৰীঙত বিপিএফৰ সমৰ্থক তথা প্ৰাক্তন এন ডি এফ বি (ধীৰেন বড়ো গোট)ৰ চিৰাং জিলা প্ৰাক্তন এনডিএফবি সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুগ্ৰীৱ বড়োৰ লগতে বিপিএফ দলৰ পুৰুষ আৰু  মহিলা কৰ্মী সমৰ্থকে ইউ পি পি এলৰ মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰী সহ চিৰাং জিলা গোটৰ সভানেত্ৰী ৰংগীলা ব্ৰহ্ম, সাধাৰণ সম্পাদিকা জাছমিনা নাৰ্জাৰীৰ গাড়ীত আক্ৰমণ চলায়। ফলত মহিলা কোষৰ দলটোত থকা কৰ্মী আহত হোৱাৰ লগতে তেওঁলোকৰ একাধিক বাহন ক্ষতিগ্ৰস্ত হয়। মহিলা কোষৰ নেত্ৰী আৰু অন্যান্য কৰ্মী সকলে ঘটনা স্থলীৰ পৰা কোনোমতে আতৰি আহিবলৈ সক্ষম হয় বুলি আজিৰ সংবাদ মেলত সদৰি কৰে। ইউপিপিএলৰ মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰীৰ লগতে উপ সভানেত্ৰী মৰিয়ম টপ্পোই

ভোট গণনাৰ দিনা সকলো পক্ষকে শান্তিপূৰ্ণ

পৰিৱেশ অক্ষুন্ন  ৰাখিবলৈ আহ্বান জনায়৷ উপ সভানেত্ৰী টপ্পোই এটা ৰাজনৈতিক দলৰ মহিলা গোটৰ কৰ্মী সকলে আন এটা ৰাজনৈতিক দলৰ মহিলা গোটৰ কৰ্মীক কৰা আক্ৰমণ অশোভনীয় তথা নিন্দনীয় বুলি মন্তব্য কৰে। নেত্ৰীদ্বয়ে লগতে কয় যে আক্ৰমণকাৰী মহিলা সকলৰ সৈতে মিলি বিপিএফ দলৰ পুৰুষ কৰ্মী-সমৰ্থক সকলে শিলাবৰ্ষণ কৰি কৰা আক্ৰমণৰ ঘটনা অতি নিন্দনীয় তথা তীব্ৰ গৰিহণাৰ যোগ্য বুলি আজিৰ সংবাদ মেলত ইউপিপিএল দলৰ মহিলা কোষৰ নেত্ৰী সকলে মন্তব্য কৰে। বিটিআৰত কালিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে জিলা প্ৰশাসনৰ লগতে অসম আৰক্ষীৰ উৰ্ধতন বিষয়া সকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আজি দিনৰ ভাগত খুংগ্ৰীঙৰ ঘটনাৰ বাবে ১৩ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী আৰু সুগ্ৰীৱ বড়োক জড়িত থকাৰ অভিযোগত ৰুণিখাটা থানাত এজাহাৰ দাখিল কৰা বুলি ইউপিপিএল দলৰ মহিলা কোষৰ সভানেত্ৰী বীণা গয়াৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আজিৰ সংবাদ মেলত দলটোৰ সাধাৰণ সম্পাদিকা বিউতি বসুমতাৰীৰ উপৰিও  মমতা চৌধুৰীকে আদি কৰি কেইবাগৰাকী সদস্যা উপস্থিত থাকে।।

You might also like