নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অমৃত বৃক্ষ আন্দোলন

জলবায়ুৰ ব্যাপক পৰিৱর্তন আৰু গোলকীয় উষ্ণতাৰ ভয়াৱহ অৱস্থাই জনজীৱন বিপর্যস্ত কৰাৰ সময়তে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অসমত ১ কোটি মূল্যৱান গছপুলি ৰোপণৰ অভিলাষী প্রকল্প গ্রহণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীগৰাকীৰ প্রত্যক্ষ তদাৰকত ৯ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ হোৱা অমৃত বৃক্ষ আন্দোলন ১৭ ছেপ্টেম্বৰলৈ চলিব৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২০ কিলোমিটাৰজোৰা দীঘলীয়া শাৰীৰে ৩ লাখ গছপুলি বিতৰণৰ জৰিয়তে ইতিমধ্যে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অসম৷ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৯টা বিশ্বাভিলেখ ভংগ কৰাৰ লগতে নতুনকৈ ছটা বিশ্বাভিলেখ গঢ়াৰ সংকল্প লৈছে মুখ্যমন্ত্রীগৰাকীয়ে৷ দেওবাৰে খানাপাৰা খেলপথাৰত সাজু কৰি ৰখা ডেৰ লাখ গছপুলি বিতৰণ কৰা হৈছে৷ মুখ্যমন্ত্রীগৰাকীৰ আহ্বানৰ প্রতি সঁহাৰি দি চৰকাৰে নির্ধাৰণ কৰি দিয়া প’র্টেলত নাম পঞ্জীয়ন কৰিছে ৪৭ লাখ ৩৪ হাজাৰ ৮৬৫গৰাকী লোকে৷ বিহুনাচেৰে বিশ্বাভিলেখ স্থাপনৰ পাছত অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্রহণ কৰা গছপুলি ৰোপণৰ অভিলাষী প্রকল্পৰ বাবে ইতিমধ্যে দেশজুৰি ব্যাপক চর্চা চলিছে৷ ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন বিষয়ৰ ইণ্টাৰগৱর্নমেণ্টেল পেনেল (আইপিচিচি)–এ যোৱা মার্চত দাখিল কৰা প্রতিবেদন অনুসৰি ২০৩০ৰ ভিতৰত পৃথিৱীৰ তাপমাত্রা ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাব৷ এনে পৰিস্থিতিত পৃথিৱীৰ জীৱকূলৰ প্রতি গভীৰ ভাবুকিৰ সৃষ্টি হ’ব৷ ১.৫ ডিগ্রী চেলছিয়াছৰ অধিক তাপমাত্রা বৃদ্ধি হ’লে বিশ্বৰ কেইবাটাও অঞ্চলত জীৱকূলৰ মৃত্যু নিশ্চিত বুলি প্রতিবেদনখনত প্রকাশ কৰা হৈছে৷ জলবায়ু পৰিৱর্তনৰ এনে ভয়াৱহ ৰূপ ইতিমধ্যে প্রত্যক্ষ হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধি প্রতিৰোধৰ বাবে ৰাষ্ট্রসংঘই যোৱা শতিকাৰ ৯০ৰ দশকৰ পৰা এলানি বিশেষ পদক্ষেপ গ্রহণ কৰাৰ লগতে দেশসমূহক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামর্শ দি আহিছে৷ জলবায়ু পৰিৱর্তনৰ মূল কাৰকসমূহৰ ভিতৰত অন্যতম হ’ল সেউজ বনাঞ্চল হ্রাস৷ মানুহৰ জীৱনযাত্রা উন্নত কৰাৰ স্বার্থত উন্নয়নমূলক কাম–কাজ আৰু নতুন নির্মাণৰ বাবে সেউজ বনাঞ্চল ধ্বংসৰ লগতে গছ–গছনি কাটি পেলোৱা হৈছে৷ জনসংখ্যা বৃদ্ধিৰ বাবে আৱাস আৰু বাট–পথ নির্মাণৰ নামতো নিতৌ প্রাকৃতিক পৰিৱেশ বিনষ্ট কৰা হৈছে৷ এনে পৰিস্থিতিত অমৃত বৃক্ষ আন্দোলন নিশ্চিতভাৱে এক আদৰণীয় পদক্ষেপ৷ এই আন্দোলনৰ অতিকৈ প্রয়োজনীয় দিশ এইটোৱে যে এইবাৰ ব্যৱসায়িকভাৱে লাভৱান আৰু ফলমূলৰ গছপুলি ৰোপণত অগ্রাধিকাৰ দিয়া হৈছে৷ ফলত ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজে এনে ইতিবাচক আন্দোলনত ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে৷ ফলমূলৰ গছপুলি ৰোপণতো অগ্রাধিকাৰ প্রদান কৰাৰ ফলত হাতী–বান্দৰকে ধৰি বন্যপ্রাণীৰ স’তে সৃষ্টি হোৱা সংঘাত অনাগত দিনত হ্রাস হ’ব বুলি আশা কৰিব পাৰি৷

লক্ষণীয় এয়ে যে অমৃত বৃক্ষ আন্দোলনত ৰাজ্যখনৰ প্রতিটো প্রান্তৰ পৰা সহযোদ্ধা হ’বলৈ আগবাঢ়ি আহিছে ৪৭ লাখ ৩৪ হাজাৰ ৮৬৫গৰাকী লোক৷ উন্নয়নমূলক কাম–কাজৰ বাবে ব্যাপক হাৰত গছ–গছনি ধ্বংস কৰা হ’লেও সর্বসাধাৰণ লোকৰ মাজত প্রকৃতিৰ প্রতি সজাগতা বহু পৰিমাণে বৃদ্ধি পাইছে৷ বিশ্ব পৰিৱেশ দিৱসকে ধৰি বিভিন্ন অনুষ্ঠানত গছপুলি ৰোপণৰ কার্যসূচী গ্রহণ কৰা হৈছে৷ অৱশ্যে এই গছপুলি ৰোপণ কার্যসূচী বিভিন্ন মাধ্যমত প্রচাৰত অগ্রাধিকাৰ দিয়াহে দেখা গৈছে৷ গছপুলি ৰোপণত যিমান গুৰুত্ব দিয়া হয় ৰোপণ কৰা গছপুলিটো ডাঙৰ কৰাৰ ক্ষেত্রত বিশেষ যত্ন লোৱা নাই৷ ফলত বছৰি চৰকাৰী অথবা বেচৰকাৰী খণ্ডত ৰোপণ কৰা অধিকাংশ গছপুলি উপযুক্ত যতনৰ অভাৱত মৰহি যায়৷ অৱশ্যে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিসমূহ যাতে বৃক্ষত পৰিণত হয়, তাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ উক্ত প্রকল্পৰ অধীনত ৰোপণ কৰা গছপুলিসমূহ তিনি বছৰ আলপৈচান ধৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে গছপুলি ৰোপকজনক৷ অমৃত বৃক্ষ আন্দোলনত গছপুলি ৰোপণ কৰাজনক ১০০ টকাকৈ প্রদান কৰা হ’ব৷ গছপুলিৰ আলপৈচান কৰা ৰোপকজনক তিনি বছৰ পাছত ২০০ টকাকৈ প্রদান কৰাৰ ব্যৱস্থা আছে৷ ফলত প্রতিজন ৰোপকে গছপুলিটো তিনি বছৰ জীয়াই ৰখাৰ বাবে চেষ্টা কৰিব৷ গছপুলি এটাই তিনি বছৰ অতিক্রম কৰাৰ পাছত বিশেষ আলপৈচান ধৰাৰ প্রয়োজন নহ’ব৷ এনে পদক্ষেপৰ বাবে অমৃত বৃক্ষ আন্দোলনৰ ইতিবাচক প্রভাৱ বিস্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য চৰকাৰখনে কেইবাটাও বিশ্বাভিলেখ গঢ়াৰ পৰিকল্পনা লৈছে৷ ইতিমধ্যে গীনিজ বুক অৱ ৰেকর্ডছৰ প্রতিনিধিয়ে সমগ্র প্রকল্পটো তন্ন তন্নকৈ পৰীক্ষা কৰি আছে৷ একেদিনাই গছপুলি বিতৰণৰ বিশ্বাভিলেখ আছে উত্তৰ প্রদেশত৷ উত্তৰ প্রদেশে একেদিনাই ৭৬,৮২৪টা গছপুলি বিতৰণৰ জৰিয়তে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ দেওবাৰে ডেৰ লাখ গছপুলি বিতৰণৰ জৰিয়তে পূর্বৰ অভিলেখ ভংগ কৰি নতুন বিশ্বাভিলেখ গঢ়িবলৈ অসম চৰকাৰ সক্ষম হৈছে৷ একেদৰে ১৪ ছেপ্ঢেম্বৰত ওদালগুৰিত ২৪ ঘণ্টাৰ ভিতৰত ১০ লাখ গছপুলি ৰোপণৰ জৰিয়তে নতুন অভিলেখ গঢ়াৰ পদক্ষেপ লোৱা হৈছে৷ ১৫ ছেপ্টেম্বৰত ডিব্রুগড়ত ১ ঘণ্টাত ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে৷ একেদৰে ১৬ ছেপ্টেম্বৰত ডিগবৈত আৰু ১৭ ছেপ্টেম্বৰত শিৱসাগৰত বিভিন্ন পন্থাৰে গছপুলি ৰোপণৰ অভিলেখ গঢ়িবলৈ পৰিকল্পনা লৈছে ৰাজ্য চৰকাৰে৷ অমৃত বৃক্ষ আন্দোলন সাম্প্রতিক সময়ৰ অতিকৈ জৰুৰী প্রকল্প হিচাপে চিহ্ণিত হৈছে৷ বিশেষকৈ পাৰিপার্শ্বিক ভাৰসাম্যহীনতাৰ বাবে সৃষ্টি হোৱা জলবায়ু পৰিৱর্তনৰ ভয়াৱহ অৱস্থাৰ মাজত গ্রহণ কৰা এনে প্রকল্পই প্রকৃতি সুৰক্ষাৰ প্রতি ইতিবাচক বার্তা বহন কৰিছে৷

You might also like