নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৫ তাৰিখ
মঙলবাৰঃ তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্রঃ অশ্লেষা, যাত্রাঃ শুভ

মেষঃ যিকোনো কামকে ভাবি–চিন্তি কৰক৷ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷

বৃষঃ অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ অধিক কর্ম বোজা পৰলেও কিছু নিয়ন্ত্রণ কৰক৷ ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুনঃ আর্থিকত বেয়া দেখা নাযায়৷ সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা৷ বিদ্যাত সাধাৰণ উন্নতি৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

কর্কটঃ কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ খৰচ বৃদ্ধি পাব৷ সাধাৰণ শৰীৰৰ দুশ্চিন্তা৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক৷ উদ্বিগ্ণতাৰ সমাধানৰ উৎস৷ শুভ ৰং হালধিয়া, শুভ সংখ্যা ১৷

সিংহঃ নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব৷ দিনটোত ব্যৱসায়ীসকল লেনদেন কৰোঁতে সাৱধান হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ ভ্রমণাদিত আর্থিক হানিৰ যোগ৷ আলহীৰ আগমন৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

তুলাঃ পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া৷ যাত্রাদিত বাধাপ্রাপ্ত হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

বৃশ্চিকঃ ওলোটাভাৱে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷

ধনুঃ অকাৰণ বা কাৰণতেই হওক কাৰো লগত মতবিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধানত থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

মকৰঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব৷ বন্ধুবর্গৰ প্রতি সাৱধান৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কুম্ভঃ মজলীয়া হ’লেও উন্নত৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত৷ পেটৰ অসুখৰ কাৰক৷ বিদ্যাত নিৰাশ নহ’ব৷ ব্যৱসায়ত ঋণৰ কাৰকতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

মীনঃ আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা৷ কর্মক্ষেত্রত সৰু–সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

You might also like