নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ মার্চ, চ’ত মাহৰ ৯ তাৰিখ
শনিবাৰ  : তিথি– শুক্লা ত্রয়োদশী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : শুভ

মেষ : মানসিক অস্থিৰতা দূৰ হ’ব৷ তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব৷ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃষ : ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা৷ আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নতিৰ যোগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

মিথুন : সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব৷ প্রতিবেশীৰ লগত সদ্ভাব ৰাখিব৷ ব্যৱসায়–বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷

কর্কট : কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে৷ খেলা–ধূলাৰ লগত জড়িতসকলে সুফল পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

সিংহ : পানী লগা, কাহ আদি ৰোগ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

কন্যা : ব্যৱসায় সম্প্রসাৰণৰ যোগ দেখা যায়৷ দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা৷ যান–বাহন কিনাৰ ক্ষেত্রত বাধা নাই৷ শুভ ৰং ক’লা৷

তুলা : কর্মক্ষেত্রত সহকর্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে৷ বিদ্যাত জটিলতা কম৷ অংশীদাৰী ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

বৃশ্চিক : আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ পিতৃৰ খুব বেয়া নহয়৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

ধনু : বৈষয়িক ক্ষেত্রত নিজৰ দুর্বলতাৰ বাবে সমস্যাত পৰিব পাৰে৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷

মকৰ : দাম্পত্যত বিশেষ পৰিৱর্তন নাই৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ ব্যৱসায়ীসকলৰ দূৰ ভ্রমণ সফল হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

কুম্ভ : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ বিদ্যাত অশুভ নহ’ব৷ কর্মত তৎপৰতা থাকিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷

মীন : আপোনাৰ মানসিক ৰোগ বৃদ্ধি পাব৷ মনোবল বৃদ্ধি পাব৷ নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা৷ প্রেমত আহুকাল নাথাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

You might also like