নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপেনহেইমাৰ

চলিত বর্ষৰ আটাইতকৈ বেছি অস্কাৰ জয় কৰিলে ক্রিষ্টোফাৰ নোলান পৰিচালিত ‘অপেনহেইমাৰ’ নামৰ ছবিখনে৷ এই ছবিখনে মুঠ ৭টা অস্কাৰ বুটলিবলৈ সক্ষম হয়৷ অৱশ্যে প্রত্যাশা অনুসৰিয়ে আহে এই ফলাফল৷ বিগত কেইবামাহো ধৰি চলচ্চিত্র জগতত বিভিন্ন আন্তর্জাতিক পুৰস্কাৰ জয় কৰিছিল ‘অপেনহেইমাৰে’৷ যোৱা ১১ মার্চত ৯৬সংখ্যক একাডেমী এৱার্ডৰ মঞ্চতো ছবিখনে লাভ কৰে একাধিক পুৰস্কাৰ৷ লছ এঞ্জেলছত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই পুৰস্কাৰসমূহ প্রদান কৰা হয়৷ চলিত বর্ষত অস্কাৰৰ মুঠ ১৩টা বিভাগত মনোনীত হৈছিল ‘অপেনহেইমাৰ’৷ ইয়াৰ ভিতৰত শ্রেষ্ঠ ছবি, শ্রেষ্ঠ পৰিচালকসহ ৭টা বিভাগত লাভ কৰে এই সন্মানজনক পুৰস্কাৰ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ লছ এলামাছ পৰীক্ষাগাৰৰ পৰিচালক আছিল পদার্থবিদ তথা ‘পৰমাণু বোমাৰ জনক’ জে ৰবার্ট অপেনহেইমাৰ৷ তেওঁৰ জীৱন আৰু ‘মেনহাটান প্রকল্প’ত তেওঁৰ ভূমিকা এই ছবিখনৰ মূল উপজীব্য৷ ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰাৰ বাবে শ্রেষ্ঠ অভিনেতাৰ অস্কাৰ জয় কৰিছে ‘পিকি ব্লাইণ্ডার্ছ’ খ্যাত অভিনেতা কিলিয়ান মার্ফিয়ে৷ শ্রেষ্ঠ সহঃঅভিনেতা নির্বাচিত হৈছে ৰবার্ট ডাউনি জুনিয়ৰ৷ চলিত বর্ষৰ অস্কাৰৰ মঞ্চত শ্রেষ্ঠ ছবিৰ দৌৰত আছিল ‘অপেনহেইমাৰ’ৰ উপৰি ‘বার্বি’, ‘কিলাছ অৱ দ্য ফ্লাৱাৰ মুন’, ‘এটনমি অৱ এ ফল’, ‘মায়েস্ত্রো’সহ বহুকেইখন বহুলচর্চিত ছবি৷ কিন্তু অন্তিম হাঁহি মাৰিবলৈ সক্ষম হয় নোলাছ পৰিচালিত ছবিখনে৷ ইয়াৰ পূর্বে কেইবাবাৰো মনোনয়ন লাভ কৰিলেও প্রথমবাৰৰ বাবে শ্রেষ্ঠ পৰিচালকৰ অস্কাৰ জয় কৰিলে তেওঁ৷ অস্কাৰৰ ইতিহাসত ইয়াৰ আগতে নোলান পৰিচালিত বিভিন্ন ছবিয়ে মুঠ ৪৯বাৰ মনোনয়ন লাভ কৰিছিল৷ ইয়াৰ ভিতৰত পুৰস্কাৰ লাভ কৰিছিল ১১বাৰ৷ সন্মানজনক অস্কাৰৰ বঁটা হাতত লৈ সিদিনা তেওঁ কৈছিল – চলচ্চিত্রৰ ইতিহাস মাত্র ১০০ বছৰত অলপ বেছি পুৰণি৷ ইয়াৰ পিছত কি হ’ব নাজানো৷ কিন্তু মই যে ইয়াৰ অর্থপূর্ণ অংশ, সেই উপলব্ধি মোৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ আনহাতে, নিজৰ বক্তব্যত পৃথিৱীত শান্তিৰ বতৰা বিয়পোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে অভিনেতা কিলিয়ানে৷ তেওঁ কৈছে – যিগৰাকী ব্যক্তি পৰমাণু বোমাৰ আৱিষ্কাৰক, আমি তেওঁৰ বায়’পিক নির্মাণ কৰিছোঁ৷ ভালেই হওক অথবা বেয়াই হওক, আমি সেই জগততে বাস কৰিছোঁ৷ যিসকলে বিশ্ব শান্তিৰ বাবে কাম কৰি আছে, এই পুৰস্কাৰ তেওঁলোকক মই উৎসর্গা কৰিছোঁ৷
ইয়াৰ উপৰি শ্রেষ্ঠ চিনেমাটোগ্রাফীৰ বাবে পুৰস্কাৰ জয় কৰিছে হোয়তে ভ্যান হোৱেতেমাই৷ শ্রেষ্ঠ সম্পাদনাৰ অস্কাৰ লাভ কৰিছে জেনিফাৰ লেমে৷ শ্রেষ্ঠ মৌলিক সুৰৰ বাবে নির্বাচিত হৈছে সুৰকাৰ লুডভিগ গাৰানছানে৷ উল্লেখ্য যে যোৱা বছৰৰ জুলাইত ভাৰতত মুক্তি লাভ কৰিছিল অপেনহেইমাৰে৷ মুক্তিৰ পিছতে দেশৰ বক্স অফিচত ছবিখনে আলোড়ন সৃষ্টি কৰিছিল৷ চলচ্চিত্রখনক কেন্দ্র কৰি বিতর্কৰ জোৱাৰ উঠিলেও অৱশেষত দর্শকৰ হূদয় স্পর্শ কৰে ছবিখনে৷ চলিত বর্ষৰ বাফটা (ব্রিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আর্টছ) আৰু গ’ল্ডেন গ্ল’বছ পুৰস্কাৰৰ মঞ্চতো ছবিখনে যথাক্রমে ৭টা আৰু ৫টা পুৰস্কাৰ জয় কৰে৷ এইবাৰ অস্কাৰৰ যুঁজত ‘অপেনহেইমাৰ’ক তীব্র প্রত্যাহ্বান জনাইছিল ‘বার্বি’ আৰু ‘পুয়োৰ থিংছ’ ছবি দুখনে৷ কিন্তু এই দুখন ছবিক অতিক্রমি ৭টা বিভাগতে অস্কাৰ জয় কৰে ‘অপেনহেইমাৰে’৷ বিগত এটা দশকৰো অধিক সময় একেলগে ইমানসংখ্যক অস্কাৰ কোনো চলচ্চিত্রই দখল কৰিব পৰা নাছিল৷ এই প্রসংগত নিশ্চয় ক’ব পাৰি যে একাডেমী পুৰস্কাৰৰ ইতিহাসত এক মাইলৰ খুঁটি গঢ়িলে ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহেইমাৰে’৷ পৰমাণু বোমাৰ জনকৰূপে পৰিচিত, বিস্ময়কৰ ব্যক্তি জে ৰবার্ট অপেনহেইমাৰৰ জীৱনৰ ভিত্তিতে এই ছবিখন নির্মাণ কৰিছিল ক্রিষ্টোফাৰ নোলানে৷ আমেৰিকাক পৰমাণু বোমা উপহাৰ দিয়াৰ পিছতো তেওঁ দেশদ্রোহিতাৰ বদনাম ল’বলগীয়া হৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধক কেন্দ্র কৰি উদ্ভৱ ঘটা বহু বিষণ্ণ আখ্যানৰ দৰেই সেয়া এক কৰুণ কাহিনী৷ সেই কৰুণ কাহিনী তথা ইতিহাসক সুন্দৰ ৰূপত ৰূপালী পর্দাত দাঙি ধৰিছে নোলানে৷৷ যাৰ সুবাদতে ৫টা গ’ল্ডেন গ্ল’বছ, ৭টা বাফটা জয় কৰাৰ পিছত ৭টা অস্কাৰ জয় কৰিলে ‘অপেনহেইমাৰে’৷ উল্লেখ্য যে যোৱা বছৰ দুটা বিভাগত অস্কাৰ আহিছিল ভাৰতলৈ৷ ‘আৰআৰআৰ’ ছবিৰ বাবে শ্রেষ্ঠ সংগীতৰ পুৰস্কাৰ লাভ কৰিছিল নাটু নাটুয়ে৷ চলিত বর্ষৰ অস্কাৰ বঁটা প্রদান অনুষ্ঠানতো উভতি আহিছে সেই ছবিৰ প্রসংগ৷ অনুষ্ঠানত অভিনেতা ৰায়ান গছলিং আৰু এমিলি ব্লাণ্টে ছবি জগতত ষ্টাণ্টমেনসকলৰ প্রতি শ্রদ্ধা জনাবলৈ এটি ডেৰ মিনিটৰ ভিডিঅ’ ক্লিপিং দেখুৱায়৷ তাতেই আছিল ‘আৰআৰআৰ’ ছবিৰ এটি একচন দৃশ্য৷ আনহাতে, চলিত বছৰত কোনো ভাৰতীয় ছবিয়ে পোনপটীয়াকৈ অস্কাৰৰ মনোনয়ন নাপালে৷ কিন্তু শ্রেষ্ঠ তথ্যচিত্র বিভাগত যুঁজ দিয়ে ভাৰতীয় বংশোদ্ভূত কানাডাবাসী পৰিচালক নিশা পাহুজা পৰিচালিত ‘টু কিল এ টাইগাৰ’–এ৷ কিন্তু এই বিভাগত ইউক্রেইনৰ ‘টুৱেণ্টী ডেইজ ইন মাৰিউপ’ল’ ছবিখনে লাভ কৰে শ্রেষ্ঠ পুৰস্কাৰ৷

You might also like