নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি ১৩ জানুৱাৰী, পুহ মাহৰ ২৮ তাৰিখ
শুকুৰবাৰঃ তিথি–কৃষ্ণা সপ্তমী, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ নাই

মেষঃ এই ৰাশিৰ জাতক–জাতিকাই বগা কাপোৰ পৰিধান কৰিব৷ বিদ্যার্থীসকলৰ বাবেও ভাল দিনটো৷ ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ শুভ সংখ্যা ২৷

বৃষঃ কর্মক্ষেত্রত শত্রু প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ ভ্রমণৰ যোগ৷ শুভ ৰং নীলা, সংখ্যা ৮৷

মিথুনঃ দাম্পত্য জীৱনত শান্তি বিঘ্ণিত হ’ব পাৰে৷ দৈনন্দিন কর্মৰ গতি বৃদ্ধি পাব৷ টকা–পইচা ক্ষেত্রত সাৱধান হ’ব৷ চৰকাৰী চাকৰি ক্ষেত্রত ভাল৷

কর্কটঃ বিদ্যার্থীসকলৰ শুভ৷ ব্যৱসায় ক্ষেত্রত বৰ ভাল দেখা নাযায়৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ বন্ধুবর্গৰ পৰা আঁতৰি থকাই ভাল৷

সিংহঃ আজি সন্ধিয়া গণেশ মন্দিৰত ৫টা লাড়ু দান কৰিব আৰু ধূপ ধূনা চাকি বন্তি জ্বলাব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব৷

কন্যাঃ গা–ধুৱাৰ পিছত ৰঙা কাপোৰ পৰিধান কৰি ওঁ হ্রীং শ্রীং শ্রীসূর্যায় নমঃ এই মন্ত্র ২০ বাৰ জপ কৰিব৷ নিৰামিষ আহাৰ কৰিব৷

তুলাঃ সন্তানৰ শাৰীৰিক সমস্যাই চিন্তাত পেলাব৷ ব্যৱসায়সূত্রত আর্থিক উন্নতিৰ যোগ দেখা যায়৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ শুভ ৰং ৰঙা, সংখ্যা ৮৷

বৃশ্চিকঃ কর্মক্ষেত্রত ভাল৷ ফুৰা–চকাৰ ক্ষেত্রত সাৱধান৷ প্রেমত শুভ৷ শাৰীৰিক ক্ষেত্রত উন্নত৷ ঘৰত আলহীৰ আগমন৷ শুভ ৰং গুলপীয়া, সংখ্যা ১৷

ধনুঃ কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ বিহাৰৰ যোগ৷ ব্যৱসায়ৰ ক্ষেত্রত অশুভ৷ প্রেমত শুভ৷

মকৰঃ চাকৰি ক্ষেত্রত জটিলতাই দেখা দিব৷ হঠাৎ আঘাত পাব পাৰে৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ শুভ ৰং বগা, সংখ্যা ৮৷

কুম্ভঃ বিদ্যার্থীৰ শুভ৷ ৰাজনীতিৰ ক্ষেত্রত দিনটো শুভ৷ যান–বাহনৰ পৰা সাৱধান৷ ভিক্ষাৰীক দান কৰিব৷ কর্মক্ষেত্রত জটিলতা দেখা দিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷

মীনঃ সংসাৰৰ প্রতি চকু ৰাখক৷ ঘৰৰ কোনো ব্যক্তি আঘাতপ্রাপ্ত হ’ব পাৰে৷ চাকৰি ক্ষেত্রত উন্নত৷ বিদ্যার্থীসকলৰ বাবে ভাল৷ প্রেমত অশুভ৷ শুভ ৰং সোণালী, সংখ্যা ৬৷

You might also like