কুৰুক্ষেত্ৰ আপৰ গণধৰ্ণা : ভৱানীপুৰৰ গলিয়া টোল প্লাজাৰ মেনেজাৰৰ নেতৃত্বত সাংবাদিকক আক্ৰমণ
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ভৱানীপুৰৰ গলিয়াত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপিত টোল প্লাজা বন্ধ কৰাৰ দাবীত আজি আম আদমী পাৰ্টীৰ উদ্যোগত গলিয়া টোল প্লাজাৰ সন্মুখত পাঁচ শতাধিক দলৰ বিষয়ববীয়া তথা ৰাইজে প্ৰতিবাদত উত্তাল হৈ পৰে। উল্লেখ্য যে গলিয়াৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত থকা টোল প্লাজাখন অবৈধ বুলি আখ্যা দি আপৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঁচ শতাধিক আপৰ বিষয়ববীয়া, ৰাইজে ৰাষ্ট্ৰীয় ঘাই পথেৰে বিভিন্ন শ্লোগানেৰে সমদল উলিয়াই গলিয়া টোল প্লাজাত উপস্থিত হৈ গণ ধৰ্ণাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গণ ধৰ্ণাস্থলীত প্ৰশাসনৰ তৰফৰ পৰা আপে অনুমতিবিহীনভৱে গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘোষণা কৰাৰ লগে লগে আপে বজালী জিলা উপায়ুক্তই দিয়া অনুমতি পত্ৰ প্ৰদৰ্শন কৰাৰ পিছতেই প্ৰশাসন আৰু প্ৰতিবাদকাৰী আপৰ বিষয়ববীয়াৰ মাজত তীব্ৰ বাক বিতণ্ডা হোৱাত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে শতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰে। আনহাতে গলিয়া টোল প্লাজাৰ মেনেজাৰ বিহাৰৰ হুমায়ু ছিদ্দিকৰ নেতৃত্বত মেনেজাৰজনৰ একাংশ বাহিনীয়ে প্ৰতিবাদকাৰী আপ, ৰাইজৰ ওপৰত আক্ৰমণ চলায়। তদুপৰি মেনেজাৰ হুমায়ু ছিদ্দিকে বাতৰি সংগ্ৰহৰ বাবে উপস্থিত সাংবাদিকৰ ওপৰতো আক্ৰমণ চলোৱা কাৰ্যৰ বিৰুদ্ধে গলিয়া টোল প্লাজাত প্ৰতিবাদত উত্তাল হৈ পৰে বহুসংখ্যক সাংবাদিক। সাংবাদিক সকলে উত্তাল প্ৰতিবাদেৰে মেনেজাৰজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰাৰ পিছতে মেনেজাৰ হুমায়ু ছিদ্দিকক আৰক্ষীয়ে আটক কৰি ভৱানীপুৰ আৰক্ষী চকীলৈ নিয়ে। আনহাতে গলিয়া টোল প্লাজাত প্ৰতিবাদত কৰা আপৰ প্ৰতিবাদকাৰীৰ ওপৰত টোল প্লাজাৰ লোকে নিৰ্মভাৱে আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে আপৰ তৰফৰ পৰা ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে সাংবাদিকসকলেও গলিয়া টোল প্লাজাৰ মেনেজাৰ হুমায়ু ছিদ্দিকিৰ বিৰুদ্ধে ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। তদুপৰি আৰক্ষী, চিআৰপিএফৰ জোৱানে ৰাস্তাৰে চলাচল কৰা সাধাৰণ লোককো মাৰধৰ কৰাৰ অভিযোগ উঠিছে।
প্ৰেৰক ভূষণ তালুকদাৰ