নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত উদ্ধাৰ হোৱা হাতহিলৈটো যোৰহাট সংগ্ৰহালয়লৈ হস্তান্তৰ

বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ মৰিয়নিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ঐতিহাসিক চটাই পৰ্বতৰ তেলপুঙত অলপতে উদ্ধাৰ হোৱা হাতহিলৈ (গাঠিয়া হিলৈ)টো কালি মৰিয়নি থানাৰ পৰা যোৰহাটৰ জিলা সংগ্ৰহালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অধিগ্ৰহণ কৰে। মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁহাইৰ উপস্থিতিত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন নাথে জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰক আপুৰুগীয়া সম্পদবিধ হস্তান্তৰ কৰে৷ হিলৈটোৰ গাত খোদিত হৈ থকা লিপিসমূহ পৰীক্ষা কৰি জিলা সংগ্ৰহালয় বিষয়া অবন্তিকা পৰাশৰে জনাই যে দীঘলীয়া সময়ৰ বাবে বোকা-মাটিৰে পোত খাই থকা বাবে লিপিসমূহৰ কিছু অংশ নষ্ট হৈ গৈছে যদিও ‘”স্বৰ্গ”, “গদাধৰ” আদি শব্দবোৰ স্পষ্ট হৈ থকাৰ পৰা ইয়াক গদাধৰ সিংহৰ দিনৰ বুলি অনুমান কৰিব পাৰি। তদুপৰি সম্প্ৰতি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ অধীনত থকা গদাধৰ সিংহৰ আন তিনিটা খোদিত হিলৈৰ লিপিৰ লগত এই লিপিখিনিৰ যথেষ্ট সাদৃস্য দেখা গৈছে ৷ সেই দিশৰ পৰা এই হিলৈটোৰ সময়সীমা ১৬৮১ৰ পৰা ১৬৯০ ৰ ভিতৰত হোৱাৰ পূৰ্ণ সম্বাৱনা আছে বুলিও বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে। এই বিষয়ে সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত অধিক অধ্যয়নৰ আশ্বাস দি বিষয়াগৰাকীয়ে জিলা প্ৰশাসন, স্থানীয় আৰক্ষী, সংবাদকৰ্মী আৰু স্থানীয় সচেতন লোকসকলক তেওঁলোকৰ সজাগতা তথা তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। যোৰহাট জিলা জনসংযোগ বিভাগৰ এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ। উল্লেখ্য যে চটাই চাহ বাগিচাৰ লাচিত নায়ক, প্ৰকাশ গোৱালা, পাণ্ডু মাল পাহাৰীয়া, ৰবি তাঁতী আৰু বিকাশ দুচাদ নামৰ যুৱককেইজনে যোৱা ৭ অক্টোবৰত মাছ মাৰিবলৈ যাওতে তেলপুং নামৰ পাহাৰীয়া নদীখনৰ বালিত পোত খাই থকা অৱস্থাত হিলৈটো উদ্ধাৰ কৰিছিল ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like