ভূপেন বৰাই আৰক্ষীৰ স্বচ্ছ নিযুক্তিত সন্দেহ কৰি মেধাৱী প্ৰাৰ্থীক অপমান কৰিছে : পীযুষ হাজৰীকা
বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰত এখন সংবাদ মেল সম্বাধন কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাই সংবাদ মেল যোগে অসম আৰক্ষীৰ শেহতীয়া নিযুক্তিৰ স্বচ্ছতাৰ ক্ষেত্ৰত সন্দেহ কৰা বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে | সংবাদ মেলযোগে কংগ্ৰেছ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছিল যে অসম আৰক্ষীৰ নিযুক্তিত কোনো ধৰণৰ লিখিত পৰীক্ষা হোৱা নাছিল ফলত এই নিযুক্তিত কেনে ধৰনৰ স্বচ্ছতা আছিল সেয়া সন্দেহজনক। এই কথাৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তিৰ ব্যৱস্থা কৰিছে আৰু এনে অৱস্থাত এই নিযুক্তি প্ৰক্ৰিয়াক সন্দেহ কৰি ভূপেন বৰাই পৰীক্ষা দি নিযুক্তি লাভ কৰা ৰাজ্যখনৰ মেধাৱী যুৱক যুৱতীসকলক অপমান কৰিছে। শেহতীয়াকৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰা ১৪৫০০ প্ৰাৰ্থীৰ ২৫০০ গৰাকীয়ে কেমেৰাৰ আগত শাৰীৰিক পৰীক্ষা দি কামাণ্ডোত নিযুক্তি পোৱাৰ বিপৰীতে ১২০০০ প্ৰাৰ্থীয়ে লিখিত আৰু শাৰীৰিক পৰীক্ষা দি মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। কিন্তু ভূপেন বৰাই অ’ এম আৰ চিট নোহোৱাকৈ নিযুক্তি প্ৰদান কৰিছে বুলি কৰা মন্তব্যৰ তীব্ৰ বিৰুধিতা কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই মন্তব্য আচলতে ভূপেন বৰাৰ অজ্ঞতা আৰু সীমিত জ্ঞানৰ পৰিসৰৰ বহিৰ্প্ৰকাশ। এনে মন্তব্য কৰি তেঁও অসমৰ হাজাৰ হাজাৰ মেধাৱী প্ৰাৰ্থীক চৰম অপমান কৰিছে বুলিও মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। আনহাতে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু দেবব্ৰত শইকীয়াই ৰাজ্য চৰকাৰক নিকা নিযুক্তিৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে সভাপতি ভূপেন বৰাই এনেদৰে মন্তব্য কৰি অসমৰ যুৱক যুৱতীসকলক অপমান কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এনে সভাপতি এজনৰ তত্বাৱধানত থকা কংগ্ৰেছ দলৰ পৰা ৰাইজে একো আশা কৰিব নোৱাৰে। ভূপেন বৰাৰ আজিৰ এনে মন্তব্যই নিকা নিযুক্তিত নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক এক প্ৰকাৰে ভেঙুচালী কৰা বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।