বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে চিৰাঙত পৰিবহণ বিষয়াক আটক
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ: দুৰ্নীতিনিবাৰক শাখাৰ জালত বন্দী কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সোমেশ্বৰ মুছাহাৰী। চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বেংতলগেটৰ হাইনানগৰীৰ বাসভবনত বুধবাৰে মাজ নিশা তালাচী অভিযান। ধৃত পৰিবহন বিষয়া জনৰ গৃহৰ পৰা কেইবা লক্ষাধিক নগদ ধন উদ্ধাৰ। দীৰ্ঘ সময় ধৰি চিৰাং জিলা পৰিবহন বিভাগৰ এনফোৰ্চমেন্ট বিষয়া হিচাপে কৰ্মৰত তথা সম্প্ৰতি কোকৰাঝাৰ জিলাৰ ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া হিচাপে কৰ্মৰত সোমেশ্বৰ মুছাহাৰীক অভিযানকাৰী দলে আটক কৰি কালি নিশাৰ ভাগতে চিৰাঙৰ পৰা কোকৰাঝাৰলৈ লৈ যায়। পৰৱৰ্তী সময়ত অভিযানকাৰী দলে বিষয়া জনৰ গুৱাহাটী মহানগৰীৰ বাসগৃহতো অভিযান চলাই তদন্ত অব্যাহত ৰাখিছে।।
প্ৰেৰক বিপুল কুমাৰ দাস