নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বাঘমাৰাত মীনাক্ষি শৰ্মাৰ স্মৃতিত ‘গছৰ দিন’ উদ্‌যাপন

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ কভিডত মৃত্যু ঘটা বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী মীনাক্ষি শৰ্মাৰ স্মৃতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে বিগত তিনিটা বছৰৰ দৰে আজিও চতুৰ্থ বাৰ্ষিক মৃত্যু দিৱস উপলক্ষত ‘গছৰ দিন’ উদ্‌যাপন কৰা হয়৷ গ্ৰীণ মিচন, বজালীৰ উদ্যোগত তথা প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ সহযোগত বাঘমাৰা আঞ্চলিক শ্ৰমিক সন্থাৰ কাৰ্যালয়ত শিক্ষয়িত্ৰীগৰাকীৰ স্বামী তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ কৰুণামোহন শৰ্মাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত শৰ্মাই প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ স্মৃতি ৰোমণ্ঠন কৰাৰ লগতে তেওঁৰ অবৰ্তমান পৰিয়ালটোৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ অনুষ্ঠানত গ্ৰীণ মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে প্ৰয়াত শিক্ষয়িত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বাঘমাৰা আঞ্চলিক শ্ৰমিক সন্থাৰ কাৰ্যালয়ত প্ৰয়াত মীনাক্ষি শৰ্মাৰ চতুৰ্থ মৃত্যুদিৱস উপলক্ষে চাৰিজোপা গছপুলি ৰোপণ কৰি শিক্ষয়িত্ৰীগৰাকীৰ স্মৃতি সেউজীয়া কৰি ৰখাৰ উপৰি গোলকীয় উত্তাপৰ গ্ৰাসৰ পৰা পৃথিৱীখনক বৃক্ষৰোপনৰ দ্বাৰা ৰক্ষা কৰাটো যে গছৰ দিন পালন কৰাৰ অন্যতম লক্ষ্য সেই সম্পৰ্কে ভাষণ প্ৰদান কৰি প্ৰয়াত মীনাক্ষি শৰ্মাৰ মাতৃত্বসুলভ আচাৰ ব্যৱহাৰৰ কথা নিজৰ ভাষণত বিশেষভাৱে উল্লেখ কৰে৷ অনুস্থানত বাঘমাৰা আঞ্চলিক শ্ৰমিক সন্থাৰ সম্পাদক নৱ শর্মা, সমাজকর্মী কিশোৰ শর্মা, বজালী উন্নতি সভাৰ সম্পাদক উৎপল ঠাকুৰীয়া, বাঘমাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক অৰুণ পাটগিৰিকে আদি কৰি কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷ উল্লেখ্য যে গ্রীন মিছন, বজালীয়ে বছৰৰ বিভিন্ন সময়ত বজালী অঞ্চলৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ জন্ম আৰু মৃত্যৰ দিন ‘গছৰ দিন’ হিচাপে পালন কৰি পৰিৱেশ সচেতনতাৰ বাবে এক নতুন ধাৰাৰ সৃষ্টি কৰি আহিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like