নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ: জন্মু-কাস্মীৰৰ শ্ৰীনগৰৰ সমীপৱৰ্তী গন্দীৰৱালত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত নিহত হোৱা ধেমাজি জিলাৰ সেনা জোৱান মৃত্যুঞ্জয় চুতীয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰি দেওবাৰে সন্ধিয়া তিতাবৰ মহকুমাৰ বৰহোলাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

বৰহোলা আঞ্চলিক চুতীয়া ছাত্র সন্থাৰ উদ্যোগত ৰজাবাহৰ আৰু ইকৰাণি আঞ্চলিক চুতীয়া ছাত্র সন্থাৰ সহযোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আৰম্ভণিতে শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ আত্মাৰ সদগতিৰ অৰ্থে উপস্থিত ৰাইজে এক মিনিট মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পিছতে শ্বহীদ জোৱান গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়াই। ৰজাবাহৰ আঞ্চলিক চুতীয়া ছাত্র সন্থাৰ সভাপতি কুমুদ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাস, যোৰহাট জিলা চুতীয়া ছাত্র সন্থাৰ সভাপতি অংশুমান শইকীয়া, বৃত্ত সম্পাদক সুজিৎ শইকীয়া, তিতাবৰ জিলা যুৱ সন্মিলনৰ মুখ্য সাংগঠনিক সম্পাদক যদুমনি চুতীয়া, ইকৰাণি আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক যদুমণি বৰা, প্ৰচাৰ সম্পাদক প্ৰণৱ বৰাকে ধৰি বৰহোলা তিনিআলিৰ কেইবাজনো ব্যৱসায়ী, সচেতন ব্যক্তি আৰু বৰহোলা থানাৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।

যোৰহাট জিলা চুতীয়া ছাত্র সন্থাৰ সভাপতি অংশুমান শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে অসম সন্তান শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই দেশৰ বাবে কৰা এই ত্যাগ আমাৰ মনত সদায় স্মৰণীয় হৈ ৰ’ব। মৃত্যুঞ্জয় চুতীয়া অমৰ হওক। দেশত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে চৰকাৰক অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাই সভাপতিগৰাকীয়ে।

You might also like