ধর্মীয় অনুষ্ঠানৰ নামত দুবিঘা মাটি দান জোনাইৰ আইতা কাম্পতী পেগুৰ
নিয়মীয়া বাৰ্তা, ২৯ জুলাই : প্ৰতিটো ধৰ্মৰ ধৰ্মাৱলম্বী লোকসকলে আগবঢ়াই আহিছে ধৰ্মীয় অনুষ্ঠানসমূহলৈ দান-বৰঙণি৷ ইয়াৰ মাজতে এগৰাকী বৃদ্ধাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সমাজলৈ নিজৰ ঘৰৰ ভেটিৰ দুবিঘা ভূমি আগবঢ়াই এতিয়া বৃহৎ চৰ্চাত আহিছে। আমাৰ দেশখনত ধৰ্মই সদায়েই লাভ কৰি আহিছে বিশেষ গুৰুত্ব৷ ইয়াৰ উপৰি একেবাৰে সাধাৰণভাৱে দেখা যায় প্ৰায় প্ৰতিটো ধৰ্মৰ ধৰ্মাৱলম্বী লোকসকলে আগবঢ়াই আহিছে ধৰ্মীয় অনুষ্ঠানসমূহলৈ দান-বৰঙণি ৷ ইয়াৰ মাজতে জোনাইৰ মিচিংপুৰ গাঁৱৰ কাম্পতী পেগু নামৰ এগৰাকী আইতাৰ মহান পদক্ষেপে চৰ্চা লাভ কৰিছে। সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি এইগৰাকী আইতাই তেওঁৰ স্বামী জীয়াই থকা অৱস্থাতে ভূমি দান কৰাৰ পণ লৈছিল। পৰিয়ালৰ সকলো সদস্যৰ উপস্থিতিত দেওবাৰে ৯০ বছৰীয়া আইতা কাম্পতী পেগুৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সমাজলৈ আগবঢ়াইছে দুবিঘা ভূমিৰ লগতে চৰকাৰৰ পৰা অনুদান হিচাপে পোৱা নামঘৰ গৃহভাগ। স্বাভাৱিকতে বৃদ্ধাগৰাকীৰ জীৱন যাত্ৰা আৰু তেওঁৰ এনে পদক্ষেপে এতিয়া লাভ কৰিছে বিশেষ চৰ্চা ৷
প্ৰেৰক কৰবী দলে