বোকাখাতত দুই বাইকৰ মুখামুখি সংঘৰ্ষ, নিহত এক, তিনিজনৰ অৱস্থা সংকটজনক
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : বোকাখাত থানাৰ অন্তৰ্গত লখৌজানত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়। জানিব পৰা অনুসৰি, যোৱানিশা বোকাখাতৰ লখৌজানৰ ঘগৰা দলঙৰ সমীপত এ এচ ০৫ ভি ২৭৬৫ আৰু এ এচ ০৫ ডব্লিউ ০১৯৪ নম্বৰৰ দুই বিপৰীত দিশৰ পৰা অহা মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হয়। বাইক দুখনৰ এখনত আছিল বোকাখাত মিলনপুৰৰ আকাশ নাথ (২৭) আৰু মুহিধৰ শইকীয়া (৩৫) আৰু আনখনত আছিল বোকাখাত লখৌজানৰে অভিজিৎ বৰবৰুৱা (২২) আৰু চিন্টু পানিকা (১৮) নামৰ যুৱক। দুৰ্ঘটনাটোত দুয়োখন মটৰচাইকেলত থকা চাৰিওজন যুৱক গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজৰ সহযোগত বোকাখাত যানবাহন আৰক্ষীয়ে চাৰিওকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ কিন্তু চিকিৎসালয়তে অভিজিৎ বৰবৰুৱাৰ মৃত্যু ঘটে৷ আনহাতে গুৰুতৰভাৱে আহত আন তিনিজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
প্ৰেৰক সুদীপ্ত তামুলী