নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ প্ৰকৃতি প্ৰেমৰ উজ্জল নিৰ্দশনেৰে সুদীৰ্ঘ দিন ৰাজ্যৰ বিভিন্ন অভয়াৰণ্যত নিষ্ঠাৰে সেৱা আগবঢ়াই অহা শিৱসাগৰ বন বিভাগৰ কৰ্মচাৰী তথা ফৰেষ্টাৰ গ্ৰেড ৱান বিপুল হাজৰিকাই আজি অৱসৰ গ্ৰহণ কৰে ৷ ইফালে একেটা বিভাগতে দীৰ্ঘ সময় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাবে সেৱা আগবঢ়াই চাৰু গোহাঁইয়েও আজি আনুস্থানিকভাৱে চাকৰি জীৱনৰ পৰিসমাপ্তি ঘটায় ৷ শিৱসাগৰ বন সংমণ্ডলৰ কাৰ্য্যালয় আৰু আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা এটা দিনৰ অগা পিচাকৈ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা দুইয়ো গৰাকী নিষ্ঠাবান কৰ্মচাৰীক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱাৰ উদেশ্যে জিলা বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত আজি বিয়লি এখন বিদায় সভা অনুস্থিত হয় ৷সহকাৰী বন সংমণ্ডল বিষয়া বুবুল বৰুৱাৰ পৌৰহিত্যত আয়োজিত বিদায় সভা খনত আঞ্চলিক বন বিষয়া হিমাংশু গগৈ, প্ৰকৃতি প্ৰেমী ঘনশ্যাম বুঢ়াগোহাইৰ লগতে বিভাগটোৰ দুয়োটা সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷সভাত কৰ্মচাৰী সকলে দুয়োগৰাকী কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া কৰ্মজীৱনত লাভ কৰা সানিধ্যৰ লগতে সততা,কৰ্তব্যনিষ্ঠা, সাহসীকতাৰ কথা ৰোমন্ঠন কৰে ৷ইয়াৰ পিছতেই দুয়োগৰাকী কৰ্মচাৰীক শৰাই, গামোছা, চেলেং, ফুলৰ টোৰাৰ লগতে গ্ৰন্থ উপহাৰ দি অৱসৰকালিন দিনৰ সু- স্বাস্থ্য কামনা কৰে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান