শ্ৰীমন্ত শংকৰদেৱ নগৰত নতুনকৈ দুখন আদালত মুকলি
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : আজি হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত দুখনকৈ ক’ৰ্ট মুকলি কৰা হয়। এখন ফাষ্ট ট্ৰেক আৰু আনখন অতিৰিক্ত সত্ৰ ন্যায়াধীশ নামৰ দুখন আদালত মুকলি কৰা হয়। এই অনুষ্ঠানত জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা সত্ৰ ন্যায়ধীশ সত্য নাথ শৰ্মা, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ মেৰিলিন হাজৰিকা, হোজাই জিলা অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী, আদালতৰ পৰিচালনা বিষয়া পাৰ্থ প্ৰতিম শৰ্মা সহ হোজাই জিলা আদালতৰ অধিবক্তা সকলকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। উল্লেখ্য যে, বৰ্তমানলৈকে জিলাখনত প্ৰায় ১৮ হাজাৰতকৈ অধিক বিভিন্ন গোচৰ চলি আছে, উক্ত ক’ৰ্ট দুখনৰ মুকুলিৰ পিছত জিলাখনৰ ৰাইজে তৎকালীন ভাবে ন্যায় পাৱ বুলি আদালতৰ বিষয়াই জানিবলৈ দিয়ে।
প্ৰেৰক কিশলয় দেৱগোস্বামী