ডিলাই-বোকাজানত ২১ কোটি টকাৰ হেৰʼইনসহ দুখন বাহন জব্দ, চাৰি সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ধাৰাবাহিক কঠোৰ অভিযান অব্যাহত ৰখাৰ পিছতো উক্ত পথেৰে উদ্বেগজনক হাৰত নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অপৰাধী চক্ৰই। আজি জিলাখনৰ ডিলাই আৰু বোকাজানত আৰক্ষীয়ে অভিযান চলাই কমেও প্ৰায় একৈশ কোটি টকা মূল্যৰ হেৰʼইনসহ দুখন বাহন জব্দ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত ডিলাই থানাৰ আৰক্ষী আৰু বোকাজানৰ ২০ নং চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে ডিলাই তিনিআলিত এক তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে দিনৰ প্ৰায় ১০.৩০ বজাত মণিপুৰৰ পৰা আহি থকা এএছ-০১-এমচি-৪৯৯৬ নম্বৰৰ বলেৰʼ পিক আপ বাহনখনত তালাচী চলাই ২৮৬ টা পেকেটত লুকুৱাই অনা অৱস্থাত প্ৰায় ৩.৫ কিঃগ্ৰাঃ হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। বাহনখনৰ বডিত গোপন চেম্বাৰ সাজি ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় ১৮ কোটি টকা বুলি আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই জানিবলৈ দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ফুলবাৰীৰ গোলাপ খন্দকাৰ (২৯) আৰু কাকদুৱাৰ চাহানুৰ মীৰ (২১) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে আজি বিয়লি পুনৰ বোকাজানত আৰক্ষীয়ে পৃথক অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এখন বিলাসী বাহন জব্দ কৰাৰ লগতে আন দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মনৰ নেতৃত্বত তথা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বোকাজান আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত ২০ নং চি আৰ পি এফ, কমাণ্ডো আৰু আৰক্ষীৰ এটা দলে বোকাজান থানাৰ অন্তৰ্গত চিচিআই অতিথিশালাৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় দুই বজাত মণিপুৰৰ পৰা আহি থকা এএছ-০১-এএল-১৬৭৭ নম্বৰৰ স্কৰপিঅʼ বাহনখনত তালাচী চলাই পঞ্চাশটা চাবোনৰ পেকেটত ভৰাই অনা অৱস্থাত মুঠ ৬৫০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় তিনি কোটি টকা বুলি মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰৰ সেনাপতি জিলাৰ তাদুবি থানাৰ অন্তৰ্গত মাখেল নিবাসী ইচাক এল (৩৬) আৰু তিনিচুকীয়া জিলাৰ মাকুম চোট হাবজান টি এষ্টেটৰ লম্বিত মৰাণ (৪৬) বুলি চিনাক্ত কৰা হৈছে।