নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত ৰং তুলিকাৰ বুলনিত মুখৰিত হ’ল বোকাখাত ৰাজহুৱা খেল পথাৰ

  •  ‘ৰঙৰ পৃথিৱী’ ত উজলিল দেৰ সহশ্ৰাধিক ছাত্র-ছাত্ৰী
  • অসম ভিত্তিত বিৰল চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত
নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: বোকাখাতত আজি প্ৰায় দেৰ হাজাৰ প্ৰতিযোগীক লৈ সৰ্বপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা। বোকাখাতৰ ৰাজহুৱা খেল পথাৰ ভিন্ন ৰঙী পতাকা,  ফ্লেক্স পোষ্টাৰেৰে সজাই পৰাই নান্দনিক কল্পৰাজ্যলৈ পৰ্যবসিত কৰি তোলা হয়। দেৰ সহশ্ৰাধিক প্ৰতিযোগী আৰু প্ৰায় তিনি সহশ্ৰাধিক অভিভাৱক, দৰ্শকৰ উপস্থিতিত ৰংঙৰ মেলাত পৰিণত হয় প্ৰতিযোগিতা থলী। উল্লেখ্য যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীৰ বাবে কোনো ভৰ্তি মাচুলৰ ব্যৱস্থা নাছিল। বোকাখাতৰ ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু ‘আচাম ফাইন আৰ্টচ একাডেমী’ৰ সহযোগত বোকাখাতৰ ৰাজহুৱা খেল পথাৰত মুকলি আকাশৰ তলত অনুষ্ঠিত হয় এই অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা। বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰুবী বৰাৰ একমাত্ৰ সন্তান অভিলাষ বৰা (বু)ৰ সোঁৱৰণত প্ৰতিটো জন্মদিনত ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত বোকাখাতত গোলাঘাট জিলা ভিত্তিত বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।

বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও অভিলাষ (বু)ৰ সোঁৱৰণত ‘অভিলাষ প্ৰকাশন’ৰ স্বত্বাধিকাৰ তথা অসমৰ আগশাৰীৰ প্ৰৱন্ধকাৰ, গল্পকাৰ ড° ৰুবী বৰাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনি। কিন্তু এই বৰ্ষত অসম ভিত্তিত অনুষ্ঠিত হয় এই চিত্ৰাংকন প্ৰতিযোগিতা। বিশিষ্ট ধাৰভাষ্যকাৰ তথা ২০২৩ বৰ্ষৰ ‘ৰঙৰ পৃথিৱী’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাৰ মুখ্য সম্পাদক ৰূপজ্যোতি ভড়ালীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় অসম সংগীতেৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে ড° ৰুবী বৰাৰ মাতৃ মাকন বৰাই বন্তি প্ৰজ্বলন কৰে আৰু উদ্যোক্তা ড° ৰুবী বৰাই আদৰণি ভাষণ প্ৰদান কৰে। বিশিষ্ট চিত্ৰশিল্পী, কবি, আবৃত্তিকাৰ মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই প্ৰতিযোগিতা উদ্বোধন কৰি নিজৰ ভাষণত ‘বু’ৰ সোঁৱৰণত বোকাখাতত এখন আৰ্ট গেলেৰী প্ৰতিষ্ঠা হোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদবে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আৰু উপস্থিত থাকে চিত্ৰশিল্পী জ্যোতিৰ্ময় ভূঞা। বিশিষ্ট অতিথিদ্বয় মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু জ্যোতিৰ্ময় ভূঞাক একোখনিকৈ সঁফুৰা, অসমীয়া শিপিনীয়ে বোৱা গামোচা আৰু জনগোষ্ঠীয় গামোচাৰে আৰু ডাঃ নেহা যাদবক অসমীয়া শিপিনীয়ে বোৱা গামোচা আৰু জনগোষ্ঠীয় গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। উদ্বোধনী অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতে আৰম্ভ হয় মূল প্ৰতিযোগিতা। প্ৰায় দেৰ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা আজিৰ প্ৰতিযোগিতা ক্ৰমে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ‘ক শাখা’, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ ‘খ শাখা’, নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ‘গ শাখা’ আৰু ‘ঘ শাখা’ত স্নাতক পৰ্যায়ত অনুষ্ঠিত হয়।

উল্লেখ্য যে ২০১৭ বৰ্ষৰ পৰা বোকাখাতত বুৰ জন্মদিন উপলক্ষ্যে গোলাঘাট জিলা ভিত্তিত প্ৰায় দুই সহস্ৰাধিক শিশুৰ মাজত অনুষ্ঠিত হৈ আহিছে ‘অভিলাষ প্ৰকাশন’ৰ উদ্যোগত আৰু ‘আচাম ফাইন আৰ্টচ একাডেমী’ৰ সহযোগত বিশেষভাৱে প্ৰচাৰ আৰু জনপ্ৰিয়তা লাভ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতা ‘ৰঙৰ পৃথিৱী’। প্ৰতিযোগীতা চলি থকাৰ সমান্তৰালকৈ এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিবিধ সংগীতৰ সুৰেৰে বাঁহী বাদনৰ এক সুন্দৰ আৰু ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন কৰি প্ৰতিযোগী, বিশিষ্ট অতিথি, উপস্থিত ৰাইজ, অভিভাৱক সকলক আহ্লাদিত কৰে প্ৰতিশ্ৰুতিসম্পন উদীয়মান যুৱ কণ্ঠ শিল্পী তথা বাঁহী বাদক বৰ্ষাগ্নি ডেকাই। প্ৰতিযোগীতাৰ সমান্তৰালকৈ প্ৰদৰ্শনীমূলক চিত্ৰ আঁকে অনুষ্ঠানৰ বিশিষ্ট অতিথি তথা বিশিষ্ট চিত্ৰশিল্পী জ্যোতিৰ্ময় ভূঞা আৰু স্থানীয় যুৱ চিত্ৰশিল্পী বাসৱী শ্ৰীময়ীয়ে।

You might also like