নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢালিগাঁৱত নিচাযুক্ত দ্রব্যসহ গ্রেপ্তাৰ দুজন যুৱক

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ চৰাং জিলাৰ ঢালিগাঁৱত আৰক্ষীয়ে দুজন নিচাযুক্ত দ্রব্য সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রকাশ মেধিৰ নেতৃত্বত বিয়লি ৩.৪৫ বজাত চলোৱা অভিযানত ঢালিগাঁও থানাৰ অন্তর্গত চাপাগুৰিত দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে৷

সৰবৰাহকাৰী দুজনক ক্রমে বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বনঘুগীৰ বাসিন্দা দানেছ আলীৰ পুত্র লিটন আলহাদী (৩২) আৰু বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছেদামাৰীৰ বাসিন্দা আব্দুল খালেকৰ পুত্র আৰিফউদ্দিন আহমেদ (৩২) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷

আৰক্ষীয়ে ধৃত নিচাযুক্ত দ্রব্য সৰবৰাহকাৰী দুজনৰ জিম্মাৰ পৰা ৫ পেকেট (৭৮০টা) নিচাযুক্ত টেবলেট, কিছু পৰিমাণে গুডি কৰা টেবলেট, ২টা ম’বাইল ফোন, নগদ ১৪৭১ টকা আৰু এ এছ ১৯ জি ৬১৮০ নম্বৰৰ হিৰো হোণ্ডা মটৰচাইকেল এখন জব্দ কৰে৷ ঘটনা সংক্রান্তত ঢালিগাঁও থানাত জি ডি ই নং–৩৪৯ত গোচৰ ৰুজু কৰি ধৃত নিচাযুক্ত দ্রব্য সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে

You might also like