নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালুকত নকল সোণৰ নাও উদ্ধাৰ; এজনক জে’ললৈ প্রেৰণ

নিয়মীয়া বাৰ্তা,  ১৩ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা আৰক্ষী প্রশাসনে  দীর্ঘদিন ধৰি নকল টকা, নকল সোণ, ঠগ প্রৱঞ্চক, ড্রাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অবিৰত অভিযান অব্যাহত ৰখাৰ সময়তো জিলাখনৰ বিভিন্ন প্রান্তত আৰক্ষীৰ চকুত ধূলি দি একাংশ প্রৱঞ্চক চক্র তথা অসাধু ব্যৱসায়ীয়ে নকল সোণ, নকল টকা আদিৰ ৰমৰমীয়া ব্যৱসায় যে চলাই  পুনৰ আকৌ তাকে প্রমাণ কৰিলে৷

আৰক্ষীয়ে চলাই অহা অভিযানত বর্তমানলৈকে বহু ঠগ প্রৱঞ্চক, নকল সোণ, নকল টকা, ড্রাগছ ব্যৱসায়ীয়ে জে’লৰ ভাত খাব লগা হৈছে৷ লালুক আৰক্ষী আৰু বঙালমৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি বিয়লি এগৰাকী প্রৱঞ্চকক এখন নকল সোণৰ নাৱৰ সৈতে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

ঘটনাৰ সৈতে লালুক আৰক্ষীয়ে জানিবলৈ দিয়া মতে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকগৰাকীৰ নির্দেশ মর্মে লালুক থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রণৱ বৰা আৰু বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অর্জুন সিঙে যুটীয়াভাৱে অভিযান চলাই নাওবৈচা আৰক্ষী চকীৰ অন্তর্গত অতি ভিতৰুৱা গাঁও পশ্চিম মহঘুলিৰ চাৰাফাৎ আলীৰ পুত্র মফিদুল ইছলাম (২১)ৰ ঘৰত তালাচী চলাই এখন নকল সোণৰ নাও উদ্ধাৰ কৰে৷ লগতে মফিদুল ইছলামকো গ্রেপ্তাৰ কৰে৷ প্রৱঞ্চকটোৱে নকল সোণৰ নাওখন বিক্রীৰ বাবে প্রস্তুতি চলাওঁতে আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি প্রৱঞ্চকটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ লালুক আৰক্ষীয়ে মফিদুল ইছলামক জে’ললৈ প্রেৰণ কৰিছে৷

You might also like