উজনি মাজুলী মিলন সংঘঃ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি
নিয়মীয়া বাৰ্তা,১৫ নৱেম্বৰঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টাত উজনি মাজুলীৰ নতুন বজাৰত ১৯৭২ চনতে প্ৰতিষ্ঠা কৰা উজনি মাজুলী মিলন সংঘই গৌৰৱোজ্বল ৫০ তম্ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে৷ ৫০ বছৰ গৰকা মিলন সংঘটিত সোণোলী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে৷ সংঘটিত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি ১৮ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৰাসোৎসৱৰ সোণালী জয়ন্তী বৰ্ষত বিগত বৰ্ষবোৰৰ দৰে এইবছৰো অসমীয়া আৰু মিচিং ভাষাত ৰাসলীলা অনুষ্ঠিত হ’ব বুলি ৰাস উদযাপন সমিতিয়ে জানিবলৈ দিছে৷
ইফালে গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষৰ ৰাসলীলাত অভিনয়ৰ বাবে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা মোহময়ী অভিনেত্ৰী দীপলিনা ডেকাক আমন্ত্ৰণ কৰাৰ উপৰি মিচিং চলচিত্ৰ জগতৰ অভিনেত্ৰী ৰূপালী পায়েং, অভিনেতা বাবা দলে, স্থানীয় বছা বছা শিল্পী আৰু কলা-কোশলীক লৈ আৰম্বৰপূৰ্ণ ভাৱে ৰাসলীলা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে মিলন সংঘটিৰ পৰিচালনা সমিতিয়ে৷ আনহাতে সত্ৰনগৰী মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ হিচাবে বিবেচিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসোৎসৱলৈ মাজত মাথো দুটা দিন বাকী থকাৰ প্ৰাকক্ষণত এতিয়া মাজুলীৰ সৰ্বত্ৰে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে৷ কংসৰ ৰাজ কাৰেং, গকুল-বৃন্দাবনৰ বিনন্দীয়া মনোমোহা পৰিৱেশৰ লগতে আলোকেৰে সুশোভিত কৰি ন-ৰূপেৰে সজাই তোলা হৈছে সত্ৰ আৰু ৰংগমঞ্চসমূহ৷ সত্ৰপীঠখনৰ পঞ্চাশৰো অধিক ৰংগমঞ্চ আৰু সত্ৰত এতিয়া পুৱাৰে পৰা ৰাতি এপৰলৈকে চলিছে কংস বধৰ আখৰা৷