নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বাধীন)ত পুনৰ মোক্ষম আঘাত:অসম অৰুণাচল সীমান্তত কৰায়ত্ত সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম

নিয়মীয়া বাৰ্তা,২০ ছেপ্টেম্বৰ:- যি সময়ত আলফা স্বাধীনে নিজৰ শক্তিশালী স্থিতিৰ উমান দিবলৈ চেষ্টা কৰি অহা পৰিলক্ষিত হৈছে তেনে সময়তে এজনৰ পাছত আন এজন সদস্য সেনাবাহিনী আৰু আৰক্ষীৰ চক্ৰবেহুত বন্দী হৈ আটক হৈছে। এনে ধৰণৰ ঘটনাই প্ৰকৃততে কিহৰ ইংগিত বহন কৰিছে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। আলফা (স্বাধীন)ক দুৰ্বল কৰাৰ ই এক চক্ৰান্ত নে আলফা (স্বাধীন)ৰ প্ৰতি সদস্য সকলৰ মোহভংগ ঘটিছে সেই কথা কিন্তু বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

কিছুদিন পূৰ্বে অসম অৰুণাচল সীমান্তৱৰ্তী টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা অৰুণাচলস্থিত ১৯ নং অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ মহিলা সদস্যা মিটু অসমক আটক কৰা হৈছিল।সেই ঘটনা মাৰ ন যাওঁতেই পুনৰ এগৰাকী আলফা(স্বাধীন)ৰ সদস্যক আটক কৰি আলফা(স্বাধীন)ক মোক্ষম আঘাট সানিবলৈ সক্ষম হৈছে সেনাবাহিনী আৰু অসম আৰক্ষী। যোৱা দেওবাৰে জয়ৰামপুৰস্থিত ১৯ নং অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ এখন দলঙৰ সমীপত অভিযান চলাই আলফা(স্বাধীন)ৰ সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ২০২০ চনৰ কা আন্দোলনৰ সময়ত সমীৰণ সোনোৱালে আলফা(স্বাধীন)ত যোগদান কৰিছিল। সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ ইনথেম নগাপথাৰত বুলি জানিব পৰা গৈছে। আটকাধিন সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমৰ পৰা সেনাবাহিনী আৰু আৰক্ষীয়ে বিদেশত নিৰ্মিত এটা পিষ্টল, মেগজিন, গুলী আৰু বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে। বৰ্তমানে আলফা(স্বাধীন)ৰ সদস্যজনক লেখাপানী আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

 

You might also like