নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় উষ্ণতাই বিপর্যয়ৰ দিশলৈ ঠেলিছে পৃথিৱীক

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনক লৈ বিজ্ঞানীসকলে সঘনে পৃথিৱীৰ গ্রহৰ বিপর্যয় নামি অহা বুলি ন ন তথ্য সদৰী কৰি আহিছে৷ শেহতীয়াকৈ জলবায়ু পৰিৱর্তন সন্দর্ভত ৰাষ্ট্রসংঘৰ ফ্রেমৱর্ক কনভেনচনৰ তৰফৰ পৰা যুগুতোৱা হৈছে এক প্রতিবেদন৷ এই প্রতিবেদন অনুসৰি আমাৰ পৃথিৱী ভবাতকৈ ২.৭ ডিগ্রী চেলচিয়াছৰ উষ্ণতাৰ সন্মুখীন হ’বলৈ গৈ আছে৷

যোৱা আগষ্ট মাহত অনুৰূপ প্রতিবেদনত দেখুওৱা হৈছিল গোলকীয় উষ্ণতা প্রায় ১.২ ডিগ্রী চেলচিয়াছ বৃদ্ধি পাইছে৷ যদি প্রক্রিয়া অব্যাহত থাকে তেন্তে ২০৩০ চনত গ্রীন হাউছ গেছ নির্গমন বৃদ্ধি পাব ১৬ শতাংশ৷ কার্বনমুক্ত পৃথিৱীৰ বাবে ২০৩০ৰ ভিতৰত ৪৫ শতাংশ গ্রীন হাউছ গেছ নির্গমন প্রতিৰোধৰ প্রয়োজন৷ কিন্তু ছবছৰ পূর্বে পেৰিছ জলবায়ু চুক্তিত যি সংকল্প গ্রহণ কৰা হৈছিল, তাক কোনো দেশেই বাস্তৱায়িত কৰিবলৈ অগ্রসৰ হোৱা নাই৷ গতিকে মহাবিপর্যয়ৰ সন্মুখীন হ’বলৈ পৃথিৱী আগবাঢ়িছে প্রতিবেদনত এই সতর্কবাণী কৰা হৈছে৷

You might also like