গ্ৰামাঞ্চলত অনুমতিবিহীন বিল্ডিং : কঠোৰ ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : অনুমতিবিহীন ভাবে তথা অবৈধ ভাবে ধুবুৰীৰ গ্ৰাম্যাঞ্চলত নিৰ্মিত হোৱা বিল্ডিংৰ প্ৰতি কঠোৰ স্থিতি লোৱা দেখা গৈছে ধুবুৰী-গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণে। তাকেই প্ৰতিস্ফূটিত কৰি ধুুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ লিংক ৰোডত হবিবৰ মোল্লাহ নামৰ ব্যক্তি এগৰাকীয়ে অবৈধভাৱে নিৰ্মাণ কৰা বিল্ডিংত জিলা প্ৰশাসনৰ সহযোগত প্ৰাধিকৰণৰ এটা দলে উচ্ছেদ অভিযান চলায়। দলটোৱে জেচিবি আৰু হাতুৰীৰে অবৈধ ভাবে নিৰ্মিত সেই বিল্ডিংটো ভাঙি ঠাইডোখৰ খালী কৰি দিয়ে। প্ৰাধিকৰণৰ এক সূত্ৰই সদৰি কৰা মতে, চাৰিবাৰকৈ জাননী দিয়া হৈছিল যদিও কেৰেপ কৰা নাছিল বিল্ডিংটোৰ মালিকে। জানিব পৰা মতে, বাৰংবাৰকৈ দিয়া জাননীক অবমাননা তথা এই সংক্ৰান্তত চলি থকা এক গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত প্ৰাধিকৰণৰ নেতৃত্বত আজি এই উচ্ছেদ অভিযান চলোৱা হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী