নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ ঐতিহাসিক কমিটি ভাওনাৰ মুকলি সভাত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ আমাৰ সমাজখনত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আমি ভক্তি ৰস প্ৰাণ কৰিব লাগিব ৷ আজি মৰিগঁৱৰ চৰাইবাহীত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ মৰিগাঁৱৰ চৰাইবাহীত অনুষ্ঠিত ঐতিহাসিক ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ সমন্বয় সমিতিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে কঠোৰ পৰিশ্ৰমৰ মাজেৰে আমি সমাজত শান্তি আনিব লাগিব৷ অসমীয়া সমাজখন সামাজিক সাংস্কৃতিকভাৱে আগবাঢ়াই নিবলৈ গুৰুজনাই চেষ্টা কৰিছিল৷ সেই গুৰুজনাৰ চেষ্টাক সাৰোগত কৰি সাংস্কৃতিক চিন্তাধাৰাৰে সমন্বয়ৰ এটা শক্তিশালি বাতাবৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায় ৷ আনহাতে মন্ত্ৰীগৰাকীয়ে মানৱ প্ৰেম কৰি সমাজ পৰিৱৰ্তন কৰিবলৈও আহ্বান জনায়৷ চৰাইবাহী শ্বহীদ তিলক ডেকা স্মৃতি ভৱনত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে ক্ৰমে আছুৰ সভাপতি দীপাংক নাথ, তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনুধৰ নাথ, হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে ৷

প্ৰেৰক মানস নাথ

You might also like