নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পঞ্জীয়নবিহীন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অভিযান বিদ্যালয় পৰিদৰ্শকৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ প্ৰতি অৱশেষত কঠোৰ স্থিতি লোৱা পোৱা গ’ল ধুবুৰীৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ে। আজি জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল দাসৰ নেতৃত্বত চলা এক অভিযানত ধুবুৰী জিলাৰ সদৰ ধুবুৰীতেই তিনিখনকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কোনো ধৰণৰ চৰকাৰী পঞ্জীয়ন অথৱা অনুমতি নথকাৰ বিষয়টো পোহৰলৈ আহে। সেই তিনিখন বিদ্যালয়ৰ এখনৰ বাহিৰত ‘‘চিবিএছই এফিলিয়েটেড’’ ফলক আছে যদিও সেইখনৰ কৰ্তৃপক্ষই স্কুল পৰিদৰ্শকগৰাকীক চিবিএছইৰ কোনোো ধৰণৰ অনুমতি পত্ৰ প্ৰদান কৰিবলৈ সক্ষম নোহোৱা বুলি খোদ বিষয়াগৰাকীয়ে সদৰি কৰে। তাৎপৰ্য্যপূৰ্ণ্য ভাৱে, ধুবুৰী চহৰৰ এখন অভিজাত বিদ্যালয় বুলি পৰিচিত থকা আন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঞ্জীয়ন নাই বুলিও আজিৰ সেই অভিযানত পোহৰলৈ আহিছে। জানিব পৰা মতে, ১১ বছৰ পুৰ্বে পঞ্জীয়নৰ বাবে আৱেদন কৰিলেও আজিলৈ সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ অন্তিম পঞ্জীয়নকৰণ (final registration) হোৱা নাই। ইপিনে অভিযান কালত ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকৰ সন্মুখত জিলাখনৰ স্কুলসমূহৰ পৰিদৰ্শক ৰাতুল দাসে ‘ডাইচ ডাটা’’ৰ পৰা প্ৰাপ্ত তথ্য মতে ধুবুৰী আৰু দক্ষিণ শালামাৰা –অৰ্থ্যাৎ ধুবুৰী শিক্ষা জিলাত থকা মুঠ ৩৪২ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাথো ১৪ খনৰহে প্ৰথম পৰ্য্যায়ৰ ২০০৬ চনৰ ‘‘ন’ন গৱৰ্নমেন্টাল এডুকেশ্বনেল ইনষ্টিউট এক্ট’ৰ অধীনত পূৰ্ব অনুমতি থকা বুলি এক চাঞ্চল্যকৰ তথ্য সদৰি কৰে। তদুপৰি এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ অধিকাংশৰে চৰকাৰী নিয়ম অনুসৰি থাকিবল’গীয়া আন্তগাঁথনিকে ধৰি উপযুক্ত শিক্ষাগত অৰ্হতা সম্পন্ন শিক্ষক–শিক্ষয়িত্ৰী আছে নে নাই সেয়া লৈও সাংবাদিকৰ সন্মুখত সন্দেহ প্ৰকাশ কৰা পোৱা যায় স্কুল পৰিদৰ্শক দাসে। এনে প্ৰেক্ষাপটত, কেৱল ধনৰ লালসাত, ব্যৱসায়িক মানসিকতাৰে জিলাখনৰ বহু শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎক লৈ হেতালি খেলা ধুবুৰী শিক্ষা জিলাৰ পঞ্জীয়ন বিহীন তথা চৰকাৰী নীতি–নিয়মক জলাঞ্জলি দি চলি থকা সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰূদ্ধে চৰকাৰ তথা শিক্ষা বিভাগে কি পদক্ষেপ ল’য় সেয়া লক্ষণীয় হ’ব বুলিও বিৱেচিত হৈছে। ইপিনে শেহতীয়াকৈ এটা বিশেষ চক্ৰই ধুবুৰী জিলাৰ স্কুল পৰিদৰ্শকৰ কাৰ্য্যালয়ক মেনেজ কৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰা বুলিও কিন্তু এক বুবা আৰম্ভ হোৱা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like