নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীৰ দৃষ্টি নিবদ্ধ গুজৰাটত কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰঃ গুজৰাট বিধানসভা নির্বাচনৰ কাইলৈ প্রথম পর্যায়ৰ ভোটগ্রহণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গৃহৰাজ্যত কাইলৈ প্রথম পর্যায়ত ৮৯টা বিধানসভা সমষ্টিত ভোটগ্রহণ হ’ব৷ বিজেপিয়ে সপ্তমবাৰৰ বাবে ৰাজ্যখনত শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে প্রচাৰ অভিযান চলোৱাৰ সমান্তৰালকৈ বিৰোধী কংগ্রেছ, দিল্লী–পঞ্জাবশাসিত আম আদমী পার্টিয়ে জোৰদাৰ প্রচাৰ চলোৱাৰ অন্তত কাইলৈ হবলগীয়া ভোটগ্রহণত ৭৮৮ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ১৯খন জিলাক সাঙুৰি থকা এই সমষ্টিৰ ভিতৰত ১৪টা অনুসূচীত জনজাতি আৰু সাতটা দলিতৰ বাবে সংৰক্ষিত৷ প্রার্থীসকলৰ ভিতৰত ৭০গৰাকী মহিলা আৰু ৩৩৯ নির্দলীয় আছে৷ বাকী প্রার্থীৰ ভিতৰত বিজেপি, কংগ্রেছ, আপ আৰু অন্যান্য ৰাজনৈতিক দলৰ৷ কাইলৈ ২,৩৯,৭৬,৬৭০ ভোটাৰে ভোটদান কৰিব৷ নির্বাচন আয়োগে প্রকাশ কৰা মতে, প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে ২৫,৪৪৩ ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে৷ ইয়াৰে ভিতৰত ১৬,৪১৬ গ্রামাঞ্চলত আৰু ৯,০১৪ চহৰাঞ্চলত৷ আনহাতে ৫ ডিচেম্বৰত বাকীকেইটা সমষ্টিত ভোটগ্রহণ হ’ব৷ ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব৷

You might also like