নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি জিলাক সামৰি দৰঙত ইউৰিয়া সাৰৰ বৃহৎ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ কামৰূপ, গোৱালপাৰা, দৰং আৰু শোণিতপুৰ জিলাক লৈ গঢ় লৈ উঠিছে ইউৰিয়া সাৰৰ বৃহৎ ছিণ্ডিকেট৷ বিজেপি চৰকাৰে নিমকোটেড ইউৰিয়াৰ দিহা কৰি কৃষিক বাদে আন উদ্দেশ্যত ব্যৱহাৰত বাধা দিয়াত সফল হৈছিল৷ শেহতীয়াভাৱে একাংশ সাৰ মাফিয়াই কৃষকক মাধমাৰ দিবলৈয়েই ৰাজসাহায্যযুক্ত  সাৰৰ ছিণ্ডিকেট গঢ়ি তুলি বিগত ২ বছৰত কেইবা হাজাৰ টন ইউৰিয়াৰ পৰা কমেও ৪০০ কোটি টকাৰ মুনাফা লুটিছে৷ লক্ষণীয় যে ২০ ছেপ্ঢেম্বৰতে খাৰুপেটীয়াৰ নুৰ আলী নামৰ এজন আৰ টি আই কর্মীয়ে দৰং জিলা আৰক্ষী অধীক্ষকক দাখিল কৰিছিল এক অভিযোগ৷ এই অভিযোগৰ ভিত্তিতে পাছলৈ ৩৭৪/২০ নং এটা গোচৰ ৰুজু হৈছিল৷ ৪টাকৈ জামিনবিহীন ধাৰাত ৰুজু হোৱা গোচৰত এজন সাৰ বেপাৰী কৰায়ত্ত কৰিছিল৷ অভিযুক্তক ধৰি জে’ললৈ পঠিওৱাৰ বিপৰীতে দৰং আৰক্ষীয়ে ৪০০ কোটি টকীয়া বৃহৎ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰু অভিযান চলোৱাৰ তৎপৰতা নেদেখুৱালে৷

আনহাতে, শেহতীয়াভাৱে চলোৱা এক তদন্তত পোহৰলৈ আহিছে যে মূলতঃ কামৰূপ আৰু গোৱালপাৰাৰ পৰাই ছিণ্ডিকেট চক্রই ৰাজসাহায্যৰ সাৰ গোপনে সংগ্রহ কৰি দৰঙলৈ আনে আৰু দৰঙৰ পৰা গোপনে শোণিতপুৰ, লখিমপুৰ আদি বিভিন্ন জিলালৈ প্রেৰণ কৰে৷ সাৰ বেপাৰীসকলে সমগ্র বিষয়টো ইমানেই কৌশলেৰে চলাইছিল যে দিনতেই ইউৰিয়া বিক্রী হয় যদিও ক্রেতাই কোনো কাৰণত ৰচিদ বা ক্রয়ৰ কোনো প্রমাণ লাভ নকৰে৷ বিগত দুবছৰত কোনো ইউৰিয়া সাৰ ক্রেতাই ধূলাৰ পৰা লালপুৰ পর্যন্ত প্রায় ২০০ দোকানৰ পৰা এনে ৰচিদ লাভ কৰাৰ নজিৰ নাই৷ প্রশ্ণ হয় দৰঙৰ পশ্চিম প্রান্ত বা মঙলদৈৰ পৰা ডুমুনীচকী পর্যন্ত সাৰ দোকানে ৰচিদ দিব পাৰে, পূব প্রান্তত নোৱাৰাৰ কাৰণ কি? সমগ্র ছিণ্ডিকেট চক্রৰ লগত আশী শতাংশ বেপাৰীয়েই জডিত থকাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ একেদৰে চাংসাৰিৰ পৰা লখিমপুৰলৈ ব্রহ্মপুত্রৰ দদাতিকাষৰীয়া চৰাঞ্চলত ইউৰিয়া সাৰৰ ব্যাপক চাহিদা থকাৰ বাবেই এনে এক ছিণ্ডিকেট গঢ়ি উঠাটো সম্ভৱ হৈছে৷ পাচলিৰ অত্যধিক উৎপাদনৰ বাবেই নিশ্চিতভাৱে এনে বেপাৰে লাভজনকৰ শীর্ষস্তৰ লাভ কৰিছে৷

তাৎপর্যপূর্ণ যে সাৰ বেপাৰৰ লগত কেইবাখনো সাৰৰ পাইকাৰী দোকানৰ নাম উচ্চাৰিত হৈছে৷ কামৰূপৰ কবীৰ বিকাশ কেন্দ্র, আঠগাঁৱৰ প্রতীক এণ্টাৰপ্রাইজ আৰু গোৱালপাৰা ছীডছ হাউছৰ লগতে খাৰুপেটীয়াৰ শ্বৱনম এণ্টাৰপ্রাইজ, ৰহমান এগ্রোৰ নাম এই তালিকাৰ অন্যতম৷ আৰক্ষীয়ে কেন্দ্রীয় চৰকাৰৰ ৰাজসাহায্যযুক্ত আঁচনিৰ সাৰ কেলেংকাৰিত জডিত এজনক গ্রেপ্তাৰ কৰিলে যদিও আজি ১৫ দিন পাৰ হৈ যোৱাৰ পাছতো অসাধু সাৰ মাফিয়াক গ্রেপ্তাৰ কৰিব পৰা নাই৷ আৰক্ষীয়ে দৰঙৰ আন ২ অভিযুক্তকে হাতকেৰেয়া লগাব নোৱাৰাৰ পাছত কামৰূপ, গোৱালপাৰাত হাত দিব কেনেকৈ? শেহতীয়াভাৱে দৰঙৰ একাংশ সাৰ বেপাৰীৰ পৰা শোণিতপুৰ জিলাৰ ছাদ্দাম, শ্বহীদ আৰু নুৰজামাল নামৰ ৩জনে ধন সংগ্রহৰ অভিযোগে সমগ্র বিষয়টো ৰহস্যজনক কৰি তুলিছে৷

You might also like