নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডকাইতি নহয়, পত্নীৰ অবৈধ প্ৰেমৰ বাবেহে হত্যাৰ বলি অভয়াপুৰীৰ কৃষ্ণ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ প্ৰসংগ অভয়াপুৰী পিৰাধৰা হত্যাকাণ্ড। ডকাইতি নহয়, পত্নীৰ অবৈধ প্ৰেমৰ বাবেহে হত্যাৰ বলি কৃষ্ণ মণ্ডল। অভয়াপুৰী আৰক্ষীৰ সফলতা। হত্যাকাণ্ডৰ ২৪ ঘন্টা পাৰ নোহওঁতেই আৰক্ষীৰ জালত হত্যাকাৰী। হত্যাৰ মাষ্টাৰমাইণ্ড কৃষ্ণ মণ্ডলৰ পত্নী মধুমালা মজুমদাৰ । শুকুৰবাৰে পুৱতি নিশা অভয়াপুৰী পিৰাধৰাত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড। হত্যাকাণ্ডক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল পত্নী মধুমালা মজুমদাৰে। ডকাইতে নিজ স্বামীক হত্যা কৰাৰ বিষয়ে জনাইছিল আৰক্ষীক। ফৰেনছিক দল, স্নিফাৰ ডগেৰে চলাইছিল অভিযান। তাৰ পাছতে অভয়াপুৰী আৰক্ষীয়ে চলাইছিল জোৰদাৰ অভিযান। নিশাই বাক্সা জিলাৰ পৰা কৰায়ত্ত কৃষ্ণ মণ্ডলৰ ঘৈণীয়েক মধুমালা মজুমদাৰৰ অবৈধ প্ৰেমিক বিশ্বজিৎ সৰকাৰক। পত্নী মধুমালা মজুমদাৰৰ অবৈধ প্ৰেমিক আছিল বিশ্বজিৎ সৰকাৰ। পূৰ্বপৰিকল্পনা অনুসৰি হত্যা কৰিছিল গিৰিয়েক কৃষ্ণ মণ্ডলক। পত্নীয়ে অবৈধ প্ৰেমৰ বাবে নিজৰ স্বামীক অবৈধ প্ৰেমিকৰে মিলি স্বামীক হত্যা কৰা ঘটনাই অভয়াপুৰীত সৃষ্টি কৰিছে চাঞ্চল্য।

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like