চামগুৰিত ৰকিবুল হুছেইন প্ৰতিবাদৰ সন্মুখীন
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে আজি নিজ সমষ্টিতেই প্ৰবল প্ৰতিবাদৰ সন্মুখীন হব ল’গা হয়৷ জানিব পৰা মতে, চামগুৰি সমষ্টিৰ অন্তৰ্গত শালপাৰাত কংগ্ৰেছ দলে আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ বাবে এখন সভা অনুষ্ঠিত কৰিছিল৷ উক্ত সভাখনত চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছিল৷ উক্ত সভাখনৰ পৰা বিধায়কগৰাকী আঁতৰি যোৱাৰ সময়তে একাংশ স্থানীয় লোকে সভাস্থলীৰ কাষত ৰকিবুল হুছেইন গ’বেক’ আদি শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় একাংশ লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷