আজি গোৰেশ্বৰত ৭৫.১০ হাজাৰ ভোটাৰে ভাগ্য নির্ণয় কৰিব প্রার্থীৰ
১০ কেন্দ্রত ভোট: পুৰুষ ভোটাৰ ৩৭,৫৯৮জন, মহিলা ভোটাৰ ৩৭.৪২১জন
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ সকলোবোৰ জল্পনা–কল্পনাৰ অন্ত পেলাই আজি বাক্সা আৰু ওদালগুৰি জিলাত বিটিচিৰ চতুর্থটো প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব৷ যোৱা ১৭ নৱেম্বৰত নির্বাচন আয়োগে বিটিচিৰ নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল তথা প্রার্থীসকলে আৰম্ভ কৰিছিল নিজৰ নিজৰ ৰণনীতি৷ বাক্সা জিলাৰ ১১টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি হিচাপে বিবেচিত হোৱা ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৭৫ হাজাৰ ১০টা৷ ইয়াৰে পুৰুষ ভোটাৰ হ’ল ৩৭ হাজাৰ ৫শ ৮৯জন৷ মহিলা ভোটাৰ হ’ল ৩৭ হাজাৰ ৪শ ২১জন৷ সমষ্টিটোত মুঠ ৯০টা কেন্দ্রত হ’বলগীয়া ভোটগ্রহণে ভাগ্য নির্ণয় কৰিব ৯গৰাকীৰ প্রার্থীৰ৷
ভাৰতীয় জনতা পার্টীৰ গজেন্দ্র চন্দ্র বডো, কংগ্রেছৰ ৰমেশ বডো, ইউ পি পি এলৰ পৱিত্র কুমাৰ বডো, বি পি এফৰ মহেশ্বৰ বসুমতাৰী, চি পি আই এমৰ কৰুণাকান্ত ভূঞা, গণ সুৰক্ষা পার্টীৰ (অবডো সুৰক্ষা সমিতিৰ সমর্থিত) নীলকণ্ঠ ডেকা, ভোটার্ছ পার্টীৰ দীপালী শৰণীয়া বডো, অবডো সুৰক্ষা সমিতিৰ সমর্থিত চানমল ডেকা আৰু নির্দলীয় প্রার্থী সুৰেন চন্দ্র বডো৷ ইতিমধ্যে প্রতিটো দলে নিজৰ নিজৰ প্রচাৰ অভিযান সামৰি সাজু হৈছে যুদ্ধক্ষেত্রলৈ৷ সমষ্টিটোত কোনে মাৰিব শেষ হাঁহি তাক লৈ চর্চিত হৈছে অধিক জল্পনা–কল্পনা৷ বিগত তিনিটা কার্যকালত নির্দলীয় প্রার্থীয়ে বিজয় মুকুট পৰিধান কৰি অহা এইবাৰ বিজেপিয়ে সকলোবোৰ হিচাপ–নিকাচ তচনচ কৰি দিছে সমষ্টিটোত৷ বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ শীর্ষস্থানীয় তাৰকাসকলে ধাৰাবাহিকভাৱে এখনৰ পিছত আন এখন নির্বাচনী সভাত অংশগ্রহণ কৰি সকলোৰে হিচাপত খেলিমেলি কৰি দিছে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে সুদীর্ঘ ১৫ বছৰৰ মূৰত বিটিচিত প্রথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্রী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বটদ্রৱাৰ বিধায়িকা তথা অভিনেত্রী আঙুৰলতা ডেকা, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, সাংসদ প্রদ্যুৎ বৰদলৈ, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, ইউ পি পি এলৰ সভাপতি প্রমোদ বডো, গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ উপৰি শিল্পী বাবু বৰুৱা, নেকিব, ভৃগু কাশ্যপ, বিপুল ৰাভা আদি কৰি কেইবাজনো তাৰকাই যুদ্ধদেহি মনোভাবেৰে গোৰেশ্বৰ সমষ্টিটো দখল কৰাৰ বাবে চলাইছিল তীব্র প্রচাৰ অভিযান৷ এইসকল বাঘা বাঘা নেতাৰ আগমনত গোৰেশ্বৰ সমষ্টিটো এইবাৰ অধিক আকর্ষণীয় হৈ উঠিছে৷
ইপিনে গোৰেশ্বৰ সমষ্টিৰ ৯০টা কেন্দ্রৰ ভিতৰত স্পর্শকাতৰ কেন্দ্র সন্দর্ভত প্রশাসনৰ পৰা মতামত জানিব বিচৰাত গোৰেশ্বৰৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱাই কয় এই সন্দর্ভত আমাৰ হাতত তথ্য নাথাকে৷ মহকুমা আৰক্ষী বিষয়াৰ পৰা তথ্য সংগ্রহ কৰিবলৈ কৈ দায়সৰা মন্তব্য দিয়া কার্যই বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ আনহাতে এই বিষয়ত তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ স’তে যোগাযোগ কৰাত অসীমা কলিতাই কোনোধৰণৰ মন্তব্য প্রকাশ নকৰি কেৱল ব্যস্ত আছোঁ বুলি কৈ বিষয়টোৰ পৰা এৰাই চলে৷ প্রশাসনিক বিষয়াসকলে কিয় সংবাদ মাধ্যমক এই বিষয়ে তথ্য দিব বিচৰা নাই, সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে৷