নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“পৰিৱৰ্তন নালাগে, আমাক বিজেপিৰ পৰা পৰিত্ৰাণ লাগে” -জগদীশ ভূঞা

চলচিত্ৰ নিৰ্মাতা তথা প্ৰাক্তন অগপ নেতা বাণী দাসৰ ২ হাজাৰ সমৰ্থক সহ অসম জাতীয় পৰিষদত যোগদান

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আমাক নালাগে ভাষা বিবাদ, আমাক নালাগে ধৰ্ম আৰু জাতি বিবাদ , আমাক লাগে কেৱল অসমীয়া জাতীয়তাবাদ।” – মৰিগাঁও নগৰৰ ঐতিহাসিক গান্ধী ভৱন প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ এখন যোগদান সভাত এই বক্তব্য প্ৰদান কৰে অসম জাতীয় পৰিসদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই।

আজিৰ এই সভাতে বিশিষ্ট চলচিত্ৰ পৰিচালক তথা প্ৰাক্তন অগপ নেতা বাণী দাসে আনুষ্ঠানিক ভাৱে অসম জাতীয় পৰিসদত যোগদান কৰে। অৰবিন্দ হাজৰিকাৰ সভাপতিত্বত আজি অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থাকে অসম জাতীয় পৰিসদৰ আহ্বায়ক জীয়াউৰ ৰহমান, বীৰেশ্বৰ মেধি, চিমল দেউৰী, পোনানন্দ শইকীয়া, জিতেন্দ্ৰ নাথ ডেকা প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।

অসম জাতীয় পৰিসদৰ আহ্বায়ক জয়ন্ত ডেকাই আঁত ধৰা সভাখনত অগপৰ বিভিন্ন আঞ্চলিক বহুসংখ্যক প্ৰাক্তন অগপ কৰ্মী উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি মুখ্য সমন্বয়ক জগদীশ ভূঞাই কয় যে অসমীয়াই নিজৰ স্বাভিমানৰে জীয়াই থকাৰ বাবে ৰাজনৈতিক শক্তি হাতলৈ আনিব লাগিব আৰু সেই উদ্দেশ্যেৰে অ জা প এ আগুৱাই যাব। এই সভাত প্ৰাক্তন অগপ কৰ্মী ৰাজু বৰদলৈ, ৰাজীৱ কাকতি, লাচিত মেধি, আদিয়ে দলত যোগদান কৰে।

You might also like