নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৈছিল পেটৰ বিষ; অস্ত্রোপচাৰ কৰাত তলপেটৰ পৰা ওলাল ‘সিদ্ধ কণী’!

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ আজৱ বিশ্বত প্ৰতিদিনে ঘটি থাকে বহু আজৱ ঘটনা। কিন্তু আজি যি ঘটনাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে সেয়া সঁচাকৈয়ে আজৱ। কিয়নো কলকাতাৰ এজন লোক দীৰ্ঘদিনৰ পৰা পেটৰ বিষত ভুগি আছিল। পাছত তলপেটৰ বিষৰ বাবে তেওঁ ভৰ্তি হ’বলগীয়া হয় কলকাতাৰ R G Kar Medical College and Hospital ত । কিন্তু হাস্পতালখনৰ চিকিৎসকে অস্ত্ৰোপচাৰ কৰি থাকোতেই চকু কপালত উঠিল। কিয়নো অস্ত্ৰোপচাৰত পেটৰ পৰা ওলাল এটা সম্পূৰ্ণ কণী! যেন এটা সম্পূৰ্ণ সিজোৱা কণী!

কিন্তু পেটলৈ এই কণী আহিল ক’ৰ পৰা?

চিকিৎসকসকলে কয় যে যদিও ইয়াক কণীৰ দৰে লাগে, ই কণী নহয়। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ইয়াক ‘পেৰিটোনিয়েল ল’জ বডী’ বা ‘আবেডমিনেল মিছ’ বুলি কোৱা হয়। যাৰ পৰাই পেটত বিষ অনুভৱ কৰিছিল এই লোকজনে।

উল্লেখ্য যে ঘটনাটোৰ আৰম্ভ হৈছিল পাঁচ মাহ আগতেই । ডামডামৰ হৰিহাৰ দত্তই তীব্ৰ পেটৰ বিষত ভুগি আছিল। যোৱা বৃহস্পতিবাৰে হৰিহাৰ বাবুক আ জি কাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালখনৰ বর্হিঃবিভাগে চোৱাৰ পাছতেই তেওঁক আলট্ৰাচাউণ্ড বিভাগলৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া চিকিৎসকসকলে তেওঁৰ শৰীৰ পৰীক্ষা কৰি দেখিলে যে তেওঁৰ পেটত টিউমাৰ আছে। আৰু পাছত চিকিৎসকে অস্ত্ৰোপচাৰ কৰাৰ অন্তত এই কণীৰ দৰে আকৃতিৰ টিউমাৰটো ওলায়।

আপুনি পঢ়ি ভাল পাব পাৰেঃ বয়সৰ বাবে অনুজ্জ্বল হৈছে নেকি আপুনি? চাউলৰ মাজতে আছে ইয়াৰ সমাধান

You might also like