নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত মৃত বনৰীয়া হাতী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ আমচৈ অঞ্চলৰ পূব দিশত অৱস্থিত বালিকুছি শাখা চাহ বাগিচাৰ পূবফালে থকা পাহাৰটোৰ দক্ষিণ দিশত থকা হাবিৰ মাজত বনকর্মীসকলে টহল দিবলৈ গৈ সৰু জুৰি এটাৰ পাৰত মৰি পৰি থকা অৱস্থাত বনৰীয়া মাইকী হাতী এটা দেখি লগে লগে আমচৈ খণ্ড বন বিষয়া মুকুতা বর্মনক জনায়।

এই সংবাদ পোৱাৰ পিছত ধৰমতুল আঞ্চলিক বন বিষয়া সঞ্জীৱ বৰদলৈ আৰু আমচৈ খণ্ড বন বিষয়া মুকুতা বর্মনে ঘটনাস্থলীত আহি উপস্থিত হয় আৰু হাতীটোৰ মৃত্যুৰ কাৰণ অনুসন্ধান কৰিবলৈ প্রয়াস কৰে। বন বিভাগৰ সূত্রে জানিব পৰা মতে, হাতীটোৰ বয়স চল্লিছ বছৰমান হ’ব আৰু হাতীটোৰ বাৰ্ধক্যজনিত কাৰণতেই মৃত্যু ঘটিছে। বন বিষয়াসকলৰ উপস্থিতিত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত মৰি পৰি থকা ঠাইতেই হাতীটোক বনকর্মীসকলে পুতি পেলোৱাৰ ব্যৱস্থা কৰে।

You might also like