নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ আই কেলেংকাৰিৰ তদন্ত কি হ’ল? কংগ্রেছৰ প্রশ্ন

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: অসম আৰক্ষীৰ এছ আই কেলেংকাৰিৰ তদন্ত কি হ’ল? প্রাঞ্জল বৰুৱা, গৌতম মেচকে ধৰি কেলেংকাৰিটোৰ সৈতে নাম সাঙোৰ খোৱা মন্ত্রী–বিধায়কসকল জেৰা কৰা নাই কিয়? এই প্রশ্ন অসম প্রদেশ কংগ্রেছ কমিটীৰ৷

প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ড০ ভগীৰথ কৰণে ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত এছ আই কেলেংকাৰিয়ে পুলিচৰ ভাবমূর্তিত কালিমা সানিলে বুলি অভিযোগ কৰি কয় যে যদিহে তদন্ত সম্পূর্ণ কৰি দোষীক শাস্তি দিব নোৱাৰে, তেনেহ’লে তদন্তৰ ক্ষেত্রত অসম পুলিচ যে তেনেই অক্ষম, সেয়া ওলাই পৰিব৷ প্রার্থীৰ পৰা সংগ্রহ কৰা কোটি কোটি টকা এতিয়াও উদ্ধাৰ কৰিব পৰা নাই৷

আনহাতে, অসম লোকসেৱা আয়োগে ২০১৮, ২০১৯ আৰু ২০২০ চনৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ প্রসংগত ড০ কৰণে কয় যে বিগত তিনি বছৰে অসামৰিক সেৱাৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ ফলত প্রায় এক হাজাৰ প্রার্থী নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে৷ সংবাদ মেলখনত তেওঁ বিগত ৪টা বছৰত গ্রাম্য উন্নয়ন বিভাগত ১,০০৪টা, জনসংযোগ বিভাগত ৮০টা, অসম আৰক্ষীৰ ১,০০০টা, মীন বিভাগৰ প্রায় ৫০টা পদৰ যিবোৰ পদ দিবন, প্রাঞ্জল, গৌতম, অক্ষয় আৰু তেওঁলোকৰ কোম্পানীয়ে লাখ লাখ টকাৰ বিনিময়ত নিযুক্তি দিছিল, তাৰ তদন্ত কি হ’ল, সেই বিষয়তো প্রশ্ন উত্থাপন কৰে৷

You might also like