ওপজা দিনত বজালীত বিশেষভাৱে সক্ষম ব্যক্তিক হুইল চেয়াৰ-চাইকেল বিতৰণ মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ আজি জন্মদিন। মন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষত পুৱাতেই গুণমুগ্ধসকলে শুভেচ্ছা জনাবলৈ তেওঁৰ পাঠশালাৰ ঘৰত ভিৰ কৰেহি৷ মন্ত্ৰীগৰাকীয়ে আজিৰ এই বিশেষ দিনটোত পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত উত্তৰ-পূব বজালী মণ্ডলৰ বিভিন্ন ঠাইৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু তেওঁৰ পৰিয়ালৰ ষ্ট্ৰাষ্টৰ সহায়ত কেবাখনো হুইল চেয়াৰ আৰু হস্ত চালিত চাইকেল বিতৰণ কৰে। বজালী উন্নয়ন খণ্ড কাৰ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী দাসে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ, যিসকলে পূৰ্বে হুইল চেয়াৰ আৰু চাইকেলৰ বাবে আবেদন কৰিছিল, সেইসকল ব্যক্তিৰ প্ৰায় ত্ৰিশগৰাকীক চাইকেসমূহ প্ৰদান কৰে। বৰপেটা জিলা সমাজ কল্যাণ বিষয়া নিলেশ্বৰ ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু বজালীৰ খন্দ উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই আঁত ধৰা সভাত মন্ত্ৰী দাসে বিশেষ ভাবে সক্ষম সকলেও যাতে সাধাৰণ হলেও সুবিধা লাভ কৰে তাৰ ব্যবস্থা গ্ৰহণৰ চেষ্টা কৰা বুলি সদৰি কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ওপজা দিনটোত পাঠশালাৰ বিশেষ ভাবে সক্ষম শিশু সকলৰ আৱাসিক প্ৰতিষ্ঠান পাঠশালা তপোবনৰ বিশেষভাবে সক্ষম শিশুসকলৰ সতে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। ইপিনে মন্ত্ৰীগৰাকীয়ে আজি পাঠশালাৰ অন্যতম শিক্ষানুষ্ঠান পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ প্ৰস্তাৱ মৰ্মে খালী হৈ থকা পদসমূহ অতি শীঘ্ৰে পূৰণৰ কৰাৰ আশ্বাস প্ৰদান কৰে৷ মন্ত্ৰী দাসে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সম্পূৰ্ণানন্দ তালুকদাৰৰ আধৰুৱা কাম সমূহ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে৷ শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি সোনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুস্থিত আৰু বিষয় শিক্ষক সনাতন কাকতিয়ে আঁত ধৰা সভাতখনত শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত কেক কাটি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ জন্মদিন উদযাপন কৰা হয়৷
প্ৰেৰকঃ কল্যাণ কলিতা