নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত সঞ্জীৱ হাজৰিকা বনাম বিধায়ক শশীকান্ত দাসৰ শীতল যুঁজ!

আগন্তুক বিধানসভা নিৰ্বাচলৈ মাজত মাঁথো কেইটামান দিনহে বাকী। কিন্তু আজিও বিজেপিৰ দলীয় টিকট ঘোষণা নোহোৱাত বিপাঙত পৰিছে দলীয় কৰ্মী সকল। ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগতে বাকী দল সমূহেও একাংশ দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কিন্তু এতিয়াও তালিকা প্ৰকাশ কৰা নাই মিত্ৰজোঁট অগপ, বিজেপি দলে।

উল্লেখ্য যে, ৰাজ্যৰ অন্যান্য সমষ্টিত কৈ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৬১নং ৰহা বিধানসভা সমষ্টিত বিজেপিৰ দলীয় কৰ্মীৰ বাবে এতিয়া আলোচ্য বিষয় হৈ পৰিছে। উল্লেখ্য যে, ৰহা সমষ্টিত বিজেপিৰ দলীয় কৰ্মী হিচাপে ২০০৮ চনৰ পৰাই সঞ্জীৱ হাজৰিকাই সাংগঠনিক কামকাজ কৰি আহিছে। নিজৰ দলীয় কাম-কাজে তৃণমূল কৰ্মীসকলৰ মাজত বিশেষ প্ৰভাৱ থকাৰ লগতে সঞ্জীৱ হাজৰিকাই সমষ্টিত বিশেষভাৱে চৰ্চিত।

শেহতীয়াকৈ ২০১৬ আৰু ২০২১ চনতো বিজেপিৰ প্ৰৱল দাবীদাৰ আছিল যদিও টিকট বঞ্চিত হৈছিল। কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে সঞ্জীৱ হাজৰিকা শক্তিশালী প্ৰাৰ্থী। কিন্তু শেহতীয়াকৈ যোৱা ৫ মাৰ্চত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি বিধায়ক শশীকান্ত দাসো হৈ পৰিছে বিজেপি দলৰ টিকট প্ৰত্যাশী।

ফলত এতিয়া সমষ্টিত বিজেপি দলত সঞ্জীৱ হাজৰিকা বনাম শশীকান্ত দাসৰ সমৰ্থকৰ মাজত বাঢ়িছে উৎকন্ঠা। একাংশ দলীয় কৰ্মীৰ মতে বিগত বহু বছৰ বছৰ ধৰি বিজেপি দলীয় কাৰ্যকৰ্তা হিচাপে কাম কৰা পাছত সঞ্জীৱ হাজৰিকাই দলীয় টিকট লাভ কৰিব।

অন্যহাতে কংগ্ৰেছৰ পৰা লুটিবাগৰ মাৰি ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ শেহতীয়াকৈ  বিজেপি দলত যোগদান কৰা বিধায়ক শশীকান্ত দাসক বিজেপিৰ আন একাংশই মানি ল’ব খোজা নাই। কিন্তু ইয়াৰ মাজতো বিধায়ক শশীকান্ত দাস আৰু বিজেপি যুৱনেতা সঞ্জীৱ হাজৰিকা দুয়োজনে দাবী কৰিছে ময়ে লাভ কৰিম দলীয় টিকট।

কিন্তু এতিয়াও নাই কোনো স্পষ্টতা। হয়টো অহা ১৭ মাৰ্চ তাৰিখে নিশ্চিত হ’ব বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব। কিন্তু কোনে লাভ কৰিব দলীয় টিকট ইয়াকে লৈ সমষ্টিৰ বিজেপিৰ দলীয় কৰ্মী সকলৰ মাজত তীব্ৰ উৎকন্ঠা বৃদ্ধি পাইছে।

নিয়মীয়া বাৰ্তা, ৰহা, ১৪ মাৰ্চ

You might also like