নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বিধৱা মহিলাক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ধুবুৰীত আজি ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে ধুবুৰীস্থিত জিলা পুথিভড়াল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক অনুষ্ঠানৰ৷ ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী প্ৰমুখ্যে বিভিন্ন উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল আৰু হিতাধিকাৰী মহিলাৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীত মুঠ তিনিগৰাকী বিধৱা মহিলাক আনুষ্ঠানিকভাৱে পঁচিশ হেজাৰ টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়৷ ধুবুৰী জিলাত পঞ্চায়ত আৰু পৌৰ এলেকাৰ মুঠ ৩৭১ গৰাকী ১৮-৪৫ বছৰ বয়সৰ বিধৱা মহিলাক সদ্যহতে এককালীন আৰ্থিক সাহাৰ্যৰ বাবে তালিকাভুক্ত কৰা হৈছে৷ তেওঁলোকক ধনৰাশি বেংক একাউন্টত পোনপটীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ স্থানীয় বিডিঅ’ৰ জৰিয়তে মহিলাসকলক এককালীন আৰ্থিক সাহাৰ্য্যৰ অনুমোদন পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে ধুবুৰী জিলা পুথিভঁড়ালত আয়োজিত অনুষ্ঠানৰ মাজতে তেজপুৰত অনুষ্ঠিত এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ কেন্দ্ৰীয় শুভাৰম্ভ অনুষ্ঠান আৰু তাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অনলাইনযোগে পোনপটীয়াকৈ দেখুওৱা হয়৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like