নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি ক্ৰীড়া সন্থাৰ পাঁ‌চ এথলীটৰ অসম আৰক্ষীত নিযুক্তি লাভঃ আৱেগিক পৰিৱেশত বিদায় সম্বৰ্ধনা

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষনা কৰা অসম আৰক্ষীৰ বিভিন্ন পদত মৰিয়নিৰ বহুকেইজন যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত মৰিয়নি ক্ৰীড়া সন্থাৰ পাঁ‌চজনকৈ এথ্লীটে একেলগে অসম আৰক্ষীত নিযুক্তি লাভ কৰি মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিছে । অসমৰ এগৰাকী সুদক্ষ এথ্লীট, প্ৰশিক্ষক হেমন কেৰকেটা, নেইনা ভূমিজ, ত্ৰিলোচন মাৰ্দী, কৃষ্ণা গঞ্জু আৰু সনোজ উৰাঙে সদ্য ঘোষিত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাত নিযুক্তি লাভ কৰিছে । আটাইকেইগৰাকী মৰিয়নি ক্ৰীড়া সন্থাৰ এথ্লীট । আজি এই উপলক্ষ্যে মৰিয়নি ক্ৰীড়া সন্থাৰ ভৱনত এক চমু অনুষ্ঠানৰ আয়োজন কৰা হয় । ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপক দত্তই আঁ‌ত ধৰা অনুষ্ঠানটোত উপস্থিত থাকি ক্ৰীড়া সংগঠক দীপেন দাস, ৰাজীৱ কৰ্মকাৰ, দিব্যজ্যোতি শইকীয়া আদিয়ে সকলোকে উৎসাহিত কৰি বক্তব্য প্ৰদান কৰাৰ লগতে আটাইলৈ অভিনন্দন জ্ঞাপন কৰে । তেওঁলোকৰ সাফল্যই মৰিয়নি ক্ৰীড়া সন্থাৰ লগতে মৰিয়নিৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই অনা বুলি উল্লেখ কৰি আন সকলকো এই ক্ষেত্ৰত এনে কৰিবলৈ উৎসাহিত কৰিব বুলি মন্তব্য কৰে । আনহাতে, মৰিয়নি ক্ৰীড়া সন্থালৈ আগবঢ়াই যোৱা অৱদানৰ বাবে ক্ৰীড়া সন্থাই তেওঁলোকক সদায় মনত ৰাখিব বুলি উল্লেখ কৰি তেওঁলোকৰ আগন্তুক কৰ্মময় জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। আটাইকেগৰাকীকে এক আবেগিক পৰিবেশত একোখনকৈ গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। আনহাতে, অনুষ্ঠানটিত অংশগ্ৰহণ কৰি এথলীটসকলে মৰিয়নি ক্ৰীড়া সন্থাৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে। মৰিয়নি ক্ৰীড়া সন্থাই প্ৰদান কৰাৰ মঞ্চৰ বাবেই আজি সকলোৱে সফলতা লাভ কৰা বুলিও তেওঁলোকে লগতে মতপোষন কৰে । উল্লেখযোগ্য যে, নিযুক্তি লাভ কৰা আটাইকেইগৰাকীয়ে চাহ জনগোষ্ঠীৰ যুৱক যুৱতী । ইয়াৰে চাৰিজন যুৱক আৰু এগৰাকী যুৱতী । চাহ বাগিচাত পাত তোলা, দিন হাজিৰা কৰা পৰিয়ালৰ যুৱক যুৱতী হেমন কেৰকেটা, নেইনা ভূমিজ, ত্ৰিলোচন মাৰ্দী, কৃষ্ণা গঞ্জু আৰু সনোজ উৰাং। স্বাভাৱিকতে তেওঁলোকৰ ঘৰত বৈছে আনন্দৰ বন্যা। মৰিয়নি কঠালগুৰি চাহ বাগিছাৰ বাদল কেৰকেটা আৰু গীতা কেৰকেটাৰ পুত্ৰ হেমন কেৰকেটা এগৰাকী সুদক্ষ এথলীটৰ লগতে এগৰাকী প্ৰশিক্ষকো। তেওঁৰ অধীনত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে এথ্লেটিকৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কাইলৈ আনুষ্ঠানিকভাৱে কৰ্মত যোগ দিবলৈ যাবলগীয়া হোৱাত প্ৰশিক্ষাৰ্থীসকল আজি কান্দোনত ভাগি পৰে। এগৰাকী ফুটবল গ’লৰক্ষক হিচাপেও দক্ষতাৰ পৰিচয় দিছে হেমন কেৰকেটাই। হোনোৱাল চাহ বাগিচাৰ প্ৰসেনজিত শৰ্মা আৰু বাবলি বাৰাথাৰ কন্যা নেইনা ভূমিজো এগৰাকী সুদক্ষ এথলীট। হেমন কেৰকেটা আৰু নেইনা ভূমিজে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ‘ছাই’ৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। একেদৰে নকছাৰি তিৰুৱাল ভেটাৰ অঞ্চলৰ প্ৰয়াত সুখদেৱ মাৰ্দী আৰু ৰীনা মাৰ্দীৰ পুত্ৰ ত্ৰিলোচন মাৰ্ধী এগৰাকী দক্ষ এথ্লীট। ৰাজ্যিক প্ৰতিযোগিতাত পদক অৰ্জন কৰা ত্ৰিলোচনে সৰু থাঁ‌কোতেই দেউতাকক হেৰুৱাইছিল। তেতিয়াৰে পৰা মাকে বহু কষ্টেৰে পৰিয়ালটোক পোহপাল দিবলগা হৈছিল। আনহাতে, নিউ সোনোৱাল গঞ্জু গাঁ‌ৱৰ মতিলাল গঞ্জু আৰু প্ৰমীলা গঞ্জুৰ পুত্ৰ কৃষ্ণা গঞ্জু আৰু জেঙনি উৰাং গাঁ‌ৱৰ পাহান উৰাং আৰু মীনা উৰাঙৰ পুত্ৰ সনোজ ওৰাং দুয়ো উদীয়মান এথ্লীট হিচাপে বিভিন্ন প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছিল । আটাইকেইজনে নিজৰ যোগ্যতাৰ বলত এই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । চাহ জনগোষ্ঠীৰ দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালৰ এই কেইজন এথ্লীটে যথেষ্ট কষ্ট কৰি বাপুজী ষ্টেডিয়ামত দৈনিক অনুশীলন চলাই আহিছিল। মৰিয়নি ক্ৰীড়া সন্থাৰ এথ্লীট বিভাগৰ গুৰি ধৰিছিল এওঁ‌লোকে। এওঁ‌লোকৰ সাফল্যত মৰিয়নি ক্ৰীড়া সন্থাৰ সভপতি, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে মৰিয়নি ক্ৰীড়া সন্থা, কিংশুক আদিয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছে l

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like