নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত বন্যহস্তীৰ তাণ্ডৱত লণ্ডভণ্ড বাসগৃহ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত উলুপ গাঁৱত মঙলবাৰে পুৱতিনিশা প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি কৰে৷ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা আঞ্চলিক বন কাৰ্য্যালয়ৰ কাষতে লাগি থকা ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা অকলশৰীয়া বনৰীয়া হাতীয়ে পুৱতিনিশা এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি উলুপ গাঁও নিবাসী ৰবীন্দ্ৰ কছাৰী নামৰ ব্যক্তিজনৰ বাসগৃহটো বন্যহস্তীয়ে ভাঙি তহিলং কৰাৰ লগতে বিস্তৰ ক্ষতি কৰে৷ সৌভাগ্যবশতঃ নিশাৰ সময়ত চলোৱা বন্যহস্তীৰ তাণ্ডৱত কেইবাজনো লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে৷ দৰিদ্ৰ ব্যক্তিজনৰ ঘৰটো পুনৰ নিৰ্মাণ কৰি দিবলৈ চৰকাৰলৈ অনুৰোধ জনাই ভুক্তিভোগীৰ পৰিয়ালৰ লগতে স্থানীয়ে ৰাইজে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like