নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বনৰীয়া হাতীৰ উপদ্ৰৱ

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীজাকৰ উপদ্ৰৱত ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে। হাতীৰ বৃহৎ পালটোৱে চৈকটা, খৰিকটীয়া, নগাধুলি, ঢেঁকীয়াজুলি, শিলিখা, হাতীপটি আদি চাহ বাগিচাত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰিছে। বন বিভাগে কেইজনমান বনকৰ্মীক হাতীৰ ডিউটীৰ বাবে প্ৰেৰণ কৰে যদিও বৃহৎ হাতীৰ পালটোক নিয়ন্ত্ৰণ কৰা অথবা খেদি পঠোৱাতো তেওঁলোকৰ বাবে সম্ভৱ নহয়। যোৱানিশা হাতীৰ এটা বৃহৎ পাল ঢেঁকীয়াজুলি চাহ বাগিচাত প্ৰৱেশ কৰি দুটাকৈ ঘৰৰ ক্ষতি কৰে। নিশা হাতীৰ পালটোৱে ঢেঁকীয়াজুলি চাহ বাগিচাৰ তিনি নম্বৰ লাইনৰ সানট’কী পাইক আৰু ১৬ নম্বৰ লাইনৰ চেনিমাই প্ৰজাৰ ঘৰ ভাঙি বস্তু বাহানি লণ্ডভণ্ড কৰি পেলায়। ঘৰ দুটাৰ পৰিয়ালৰ সদস্যসকলে কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় যদিও ঘৰ দুটাৰ অনিষ্টসাধন কৰে। ইফালে, চৈকটা চাহ বাগিচাৰ জোপোহানিৰ মাজত আশ্ৰয় লৈ থকা হাতীৰ আন এটা পালে বিভিন্ন স্থানত উপদ্ৰৱ চলাইছে । ৰঙাজান, খৰিকটীয়া, শিলিখা, চৈকটা আদি অঞ্চলত হাতীৰ পালটোৱে উপদ্ৰৱ চলাই আহিছে। সম্প্ৰতি কেবাটাও ভাগত ভাগ হৈ পৰাৰ ফলত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰি ঘৰ দুৱাৰ আদিৰ ক্ষতিসাধান কৰাৰ লগতে গছ গছনি ভাঙি তহিলং কৰি আহিছে। ইফালে, গেঁ‌ৰ ধৰিবলৈ আৰম্ভ কৰা সেউজীয়া ধাননি পথাৰৰো ব্যাপক ক্ষতিসাধন কৰিছে হাতীৰ পালটোৱে । বনৰীয়া হাতীৰ উপদ্ৰুত অঞ্চলৰ ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা অঞ্চলটোৰ ৰাইজক সুৰক্ষা দিবলৈ সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like